প্ৰায় প্ৰতিঘৰ মানুহৰ বাৰীত পোৱা এবিধ মহৌষধি গছ হ’ল নৰসিংহ ৷
চিৰহৰিৎ পত্ৰ হোৱাৰ বাবে নৰসিংহ আইৰণ, কপাৰ, যিংক, কেলছিয়াম, ভিটামিন এ আৰু বি, ফলিক এচিড, এমিন’ এচিড আদিৰে পৰিপূৰ্ণ ৷
মিঠা নিম হিচাপে পৰিচিত নৰসিংহ এবিধ বহুপযোগী বনৌষধি গছ ৷
নৰসিংহৰ কেইটামান বিশেষ গুণাগুনঃ
- নৰসিংহৰ পাতে পাচনতন্ৰ সুস্থ কৰি ৰাখে । ই ডায়েৰিয়া, পাইলচ, ডিচেন্ট্ৰি,আৰু মধুমেহ ৰোগত বিশেষ লাভজনক।
- কীট পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই লগালে আৰাম পোৱা যায়
- নৰসিংহৰ পাত চুলিৰ বাবে এক মহৌষধ । নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত সাৰিব পাৰি।
- নৰসিংহৰ পাতত এণ্টি অক্সিডেণ্ট পোৱা যায় যি আমাৰ বৃদ্ধাৱস্থা দূৰ কৰে আৰু কেঞ্চাৰৰ কোষবিলাক বাঢ়ি অহাত বাধা দিয়ে।
- জুইয়ে পোৰা,কটা ছিঙা দাগ আদিত নৰসিংহৰ পাত পিহি লগালে লাভ হয়।
- নৰসিংহৰ পাত চকুৰ কাৰণেও অতি উপকাৰী । ইয়াত মজুত থকা এণ্টি অক্সিডেণ্টে চকুৰ কেটেৰেক্ট বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু চকুৰ দৃষ্টিশক্তি বঢ়াই তোলে ।
- নৰসিংহৰ পাতে শৰীৰৰ বৰ্ধিত কেলৰি হ্ৰাস কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ প্ৰতিদিনে কেইটামান নৰসিংহৰ পাত খোৱা উচিত ।
- নৰসিংহৰ পাতে বমি ভাব আঁতৰায় আৰু নৰসিংহৰ চাটনিৰ লগত এচামুচ তেতেলীৰ ৰস মিহলাই খালে বদহজম কমে ৷
- যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন থকাৰ কাৰণে শিশুৰ কাৰণে নৰসিংহ পাত উপকাৰী ৷
- নৰসিংহ পাতত থকা কেলচিয়ামে হাড় আৰু দাঁতৰ সু-গঠনত সহায় কৰে ৷