আখলৰ এক এৰাব নোৱাৰা উপাদান হ’ল আদা ৷
আয়ুৰ্বেদত আদাক ৰোগ নিৰাময়ক এক নিৰ্ভৰযোগ্য খাদ্য ৰূপে উল্লেখ কৰা হৈছে ৷
আদাত এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-অক্সিডেণ্ট বৈশিষ্ট আছে , যিয়ে বহু ৰোগৰ পৰা আমাক ৰক্ষা কৰাত সহায় কৰে ৷
কেঞ্চাৰ, হৃদৰোগ,ডায়েবেটিছ আৰু বয়সৰ সৈতে অহা যিকোনো ধৰণৰ ৰোগ নিৰাময়ত আদাই সহায় কৰে ৷
বিভিন্ন ঔষধি গুণেৰে পৰিপূৰ্ণ আদাৰ কেইটামান গুণ হ’ল –
- বদহজম, আভোক বা অৰুচি, পেটত গেছ হ’লে,বমি বমি ভাৱ হ’লে সৰু সৰুকৈ আদা কাটি অকণমান ক’লা নিমখৰ লগত খালে সুফল পোৱা যায় ৷আদাৰ লগত ক’লা নিমখ আৰু নেমুৰ ৰস মিহলাই আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগত খালেও সুফল পোৱা যায় ৷আদাই লালটি গ্ৰন্থিসমূহ সক্ৰিয় কৰি তোলে
- চৰ্দি, কাহ, ঋতু সলনি হোৱাৰ সময়ত হোৱা বিভিন্ন কফজনিত সমস্যাত আদা ব্যৱহাৰ কৰিলে সুফল পোৱা যায় ৷
- আদাই লিভাৰত সুৰক্ষা প্ৰদান কৰে আৰু ফেটি লিভাৰ হোৱাত বাধা দিয়ে ৷ যক্ষ্মা ৰোগৰ চিকিৎসাৰ পাৰ্শ্বক্ৰিয়াৰ পৰাও ই লিভাৰক সুৰক্ষা প্ৰদান কৰে ৷
- ডায়েবেটিছ ৰোগীৰ বাবেও আদা উপকাৰী কাৰণ ই তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷
- মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষতো আদা উপকাৰী ৷
- শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাষণ কৰি শৰীৰ শোধন কৰাতো আদাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
- আদাত থকা বিশেষ কিছুমান এণ্টিঅক্সিডেণ্টে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে ৷ শেহতীয়া এক গৱেষণাৰ পৰা দেখা পোৱা গৈছে যে ই এলজাইমাৰ নামৰ ৰোগৰ পৰাও বচাই ৰাখে ৷
ঔষধি গুণেৰে পৰিপূৰ্ণ যদিও অত্যাধিক আদাৰ গ্ৰহণে শৰীৰৰ অনিষ্ট কৰিব পাৰে ৷
এদিনত ৪ গ্ৰামতকৈ অধিক আদা খোৱাটো অনুচিত ৷
সঠিক পৰিমাণত, সঠিক সময়ত আদাৰ গ্ৰহণে শৰীৰ সুস্থ ৰখাত নিশ্চয়কৈ সহায় কৰে ৷
photo: google