আপুনি জানেনে, আমি সেৱন কৰা কিছুমান খাদ্য আমাৰ স্বাস্থ্যৰ বাবে কিমান হানিকাৰক ৷
কিছুমান অস্বাস্থ্যকৰ খাদ্যৰ সেৱনে আমাৰ স্বাস্থ্যলৈ মাতি আনিব পাৰে ভয়ংকৰ বিপদ ৷
জানো আহক এই খাদ্যসমূহ নো কি কি –
সময়ৰ লগে লগে বয়স বাঢ়ি অহাটো এটা প্ৰাকৃতিক পৰিঘটনা ৷
কিন্তু কিছুমান খাদ্যই আপোনাক বয়সস্থ কৰিব পাৰে বয়সৰ পূৰ্বেই ৷
এনে ৮ বিধ খাদ্যৰ তালিকাত আছে অত্যাধিক মছলাযুক্ত খাদ্য, এনাৰ্জি ড্ৰিংক, সুৰা, কফি ইত্যাদি ৷
মছলাযুক্ত খাদ্যঃ মছলাযুক্ত খাদ্য প্ৰায় সকলো লোকৰে প্ৰিয় ৷ কিন্তু এনেধৰণৰ খাদ্য গ্ৰহণে আপোনাৰ স্বাস্থ্যলৈ কঢ়িয়াই আনিব পাৰে বিপদ ৷ বিশেষকৈ মহিলাসকলৰ বাবে একপ্ৰকাৰৰ মাৰাত্মক এই খাদ্য ৷ সাধাৰণতে মেন’প’জৰ পিছত মহিলাসকলে ৰ’চাচিয়াত আক্ৰান্ত হ’ব লগা হয় কাৰণ অত্যাধিক মছলাযুক্ত খাদ্যই শৰীৰৰ তাপমাত্ৰা বৃদ্ধি কৰে ৷ মছলাযুক্ত খাদ্যই বয়সৰ চাপ বৃদ্ধি কৰে ৷
মাৰ্জৰীণঃ মাৰ্জৰীণ অৰ্থাৎ নকল মাখনে শৰীৰত চৰ্বী বৃদ্ধি কৰাত সহায় কৰে ৷ যিয়ে তেজৰ প্ৰয়োজনীয় কলেষ্টেৰল হ্ৰাস কৰি অপ্ৰয়োজনীয় কলেষ্টেৰল বৃদ্ধি কৰে ৷ অধিক মাত্ৰাত মাৰ্জৰীণ খালে শৰীৰ ফুলিবলৈ আৰম্ভ কৰে আৰু বয়সতকৈ আগতেই ব্যক্তিৰ শৰীৰলৈ বাৰ্ধ্যক নামি আহে ৷
ফ্ৰীজত থোৱা খাদ্যঃ ফ্ৰীজত থোৱা ঠাণ্ডা খাদ্যত অধিক পৰিমানৰ ছ’ডিয়াম পোৱা যায়, যি কিডনীৰ কাৰণে অপকাৰী ৷ ঠাণ্ডা খাদ্যক সতেজ ৰাখিবলৈ ষ্টাৰ্চ ব্যৱহাৰ কৰা হয় ৷ গতিকে, হাৰ্টৰ সমস্যা আৰু ডায়েবেটিচ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় ৷ অধিক পৰিমানৰ ঠাণ্ডা খাদ্য খালে ওজন বৃদ্ধি হয় ৷
সুৰাঃ অত্যাধিক সুৰাৰ সেৱনৰ ফলত মুখ শুকাবলৈ ধৰে ৷ সুৰাই ডিহাইড্ৰেচন বঢ়ায় আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ ছালত পৰে ৷ শৰীৰত পানীৰ পৰিমান কম হ’লে ছাল ৰুক্ষ হয় আৰু মুখত বয়সৰ চাপ স্পষ্ট হয় ৷
ফ্ৰাইড ফুডঃ চিপচ, ফ্ৰেন্স ফ্ৰাইজ আদিৰ দৰে খাদ্যই নাৰ্ভৰ ৰেডিকল্স বঢ়ায় ৷ ই কোষৰ ক্ষতি কৰে আৰু ইয়াৰ প্ৰভাৱ প্ৰথমেই আপোনাৰ ছালত স্পষ্ট হয় ৷ ফ্ৰাইড ফুডে শৰীৰৰ ভিতৰভাগ ৰুগীয়া কৰে ৷
হাই ফ্ৰেক্টোজ কৰ্ণ চিৰাপঃ হাই ফ্ৰেক্টোজ কৰ্ণ চিৰাপ চ’ডা আৰু বজাৰৰ ফ্ৰুট ড্ৰিংকত পোৱা যায় ৷ ই শৰীৰৰ বিভিন্ন প্ৰকাৰে ক্ষতি কৰে ৷ হাই ফ্ৰেক্টোজ কৰ্ণ চিৰাপে কোলেজন আৰু ইলাষ্টিন সৃষ্টিত বাধা দিয়ে ৷ এই দুয়োবিধ উপাদানে আমাৰ ছালক সতেজ কৰি ৰখাত সহায় কৰে ৷
কফিঃ অত্যাধিক কফিৰ সেৱনে মগজুত প্ৰভাৱ পেলায় ৷ বাৰে বাৰে প্ৰসাৱ লগাৰ ফলত শৰীৰত ডিহাইড্ৰেচন হ’বলৈ ধৰে ৷ পানীৰ পৰিমান কমি গ’লে শৰীৰৰ পৰা টক্সিন ওলোৱা বন্ধ হয় আৰু বয়সৰ পূৰ্বেই বয়সৰ চাপ পৰিবলৈ ধৰে ৷