তীব্ৰ গৰমত সুস্বাদু ফল বজাৰত উপলব্ধ হয়। যেনে- আম, তৰমুজ, জাম, কঁঠাল, লিচু ইত্যাদি। এই সময়ত বজাৰত যথেষ্ট পৰিমাণে পুষ্টিসমৃদ্ধ ফল দেখা পোৱা যায়। ইয়াৰে ভিতৰত, লেচু শিশুসকলৰ বিশেষকৈ প্ৰিয় ফল। কিন্তু, এই গৰমত শৰীৰৰ হাজাৰ হাজাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, পুষ্টিবিদসকলে সকলোকে প্ৰতিদিনে লিচু খাবলৈ পৰামৰ্শ প্ৰদান কৰি আহিছে। আপুনি জানেনে কিয় ?
১) লিচুত যথেষ্ট ভিটামিন-চি থাকে। যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। লগতে, শৰীৰত ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সামৰ্থ্য সৃষ্টি হয়।
২) লিচু গেষ্ট্ৰিক বা হজমৰ সমস্যা আঁতৰ কৰাত অতি কাৰ্যকৰী। ইয়াত যথেষ্ট পৰিমাণৰ আঁহ থাকে। যি কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰ কৰাত সহায় কৰে।
৩) লিচুত লিটচিটানিন এ-২ নামৰ এটা উপাদান থাকে। যি শৰীৰত যিকোনো ভাইৰাছ বিয়পাত প্ৰতিহত কৰাত সহায় কৰে।
৪) লিচুত থকা তামৰ পৰিমাণে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত যথেষ্ট কাম কৰে।
৫) লিচুত পটাছিয়ামৰ মাত্ৰা অতি উচ্চ আৰু ছডিয়ামৰ পৰিমাণ কম। যিউচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাতো অতি উপকাৰী।
৬) লিচুত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। যিয়ে ছালত বয়সৰ প্ৰভাৱ পেলাব নিদিয়ে। কোঁচ, ব্রণৰ দাগ আঁতৰাই ছালৰ সৌন্দৰ্য্য ঘূৰাই অনাত সহায় কৰে।
৭) লিচুত আঁহ থাকে। ই ওজন সোনকালে হ্ৰাস কৰাত সহায় কৰে। লিচুয়ে ডিহাইড্ৰেচনৰ সমস্যা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।