আজি সমগ্ৰ অসমৰ ৫৫টা ছবিগৃহত শুভমুক্তি লাভ কৰে মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল চন্দ্ৰ বৰুৱা প্ৰযোজিত আৰু কিশোৰ তহবিলদাৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি৷ প্ৰতিশ্ৰুতি চলচ্চিত্ৰখনৰ কাহিনী আৰু সহ পৰিচালনা ৰাতুল চন্দ্ৰ বৰুৱাৰ৷ চিত্ৰগ্ৰহণ কৰিছে সূৰুয ডেকা, সুমন দুৱৰা আৰু উত্তম কলিতাই৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক সমৰ জ্যোতি সৰকাৰ৷ ছবিখনৰ চিত্ৰনাট্য -সংলাপ যুটীয়াভাৱে লিখিছে কিশোৰ তহবিলদাৰ আৰু ৰাতুল বৰুৱাই৷মধুৰ চিনে আৰ্টৰ বেনাৰত নিৰ্মিত প্ৰতিশ্ৰুতি ছবিখন ড্ৰাগচৰ অন্ধকাৰ জগতৰ পটভূমিত এদল সাহসী আইন ৰক্ষকৰ ন্যায় যুঁজৰ কাহিনীৰে আগবঢ়াই নিয়া হৈছে৷
ছবিখনত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰ ,বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্ৰৱৰ্তী,প্লাৱিতা বৰঠাকুৰ,সিদ্বাৰ্থ কাশ্যপ ,ৰূপম বৰুৱা,গীতাৱলী ৰাজকুমাৰী,স্নিগ্ধা ৰাণী বৰুৱা,শিৱৰঞ্জনী বৰুৱা,প্ৰিয়ানুজ বৰুৱা৷অতিথি শিল্পী হিচাপে অভিনয় কৰিছে জুবিন গাৰ্গে৷ গীত লিখিছে দিগন্ত ভাৰতী আৰু আমৃনা জেৰিয়ানাই৷ সংগীত ব্যৱস্থাপনা মানস হাজৰিকাৰ৷ প্ৰযোজনা নিয়ন্ত্ৰক সমীৰ শইকীয়া, ৰূপসজ্জা আৰু সাজসজ্জা মন্দিতা গোস্বামীৰ৷ সম্পাদনা ৰমেন বৰাৰ৷
ভি এফ এক্স কৰিছে ৰাতুল দত্তই, কলা নিৰ্দেশনা শ্যামল ময়ূৰ চেতিয়া আৰু চামিলৰ৷ আৱহ সংগীত সপোন শইকীয়াৰ, শব্দ সংমিশ্ৰণ সৌভিক ফুকন আৰু নৱপন ডেকা৷ এৰিয়েল চিনেমাটোগ্ৰাফী কৰিছে চিৰঞ্জীৱ দত্তই। সমৰকলা নিৰ্দেশক বিভাস সিংহ৷ ছবিখনৰ সংগীত পৰিচালক ৰাতুল বৰুৱা,পলাশ সূৰ্য্য গগৈ,পৰাণ বৰকটকী, ত্ৰিনয়ন বৰুৱা, আমৃনা জেৰিয়ানা৷
গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, ৰূপম ভূঞা, ত্ৰিনয়ন বৰুৱা আৰু স্কটলেণ্ডৰ শিল্পী অৰিয়ান চেট্ছে৷ কৰিঅ’গ্ৰাফী হিমানীল কাশ্যপ আৰু ৰাজ দত্তৰ৷পষ্টাৰ ডিজাইন কৰিছে দীপাংকৰ চহৰীয়াই৷