গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰৰ উদোগত অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে সম্প্ৰতি অসমৰ ছবি গৃহত চলি থকা “শ্ৰী ৰঘুপতি” চোৱাৰ সুবিধা কৰি ১০০ টা টিকট বিতৰণ কৰে। সভাপতি তালুকদাৰে কয় যে – জুনমাহৰ দ্বিতীয় শুকুৰবাৰটো national movie night সেয়ে আমি কংগ্ৰেছ কৰ্মী, বন্ধু – বান্ধৱীসকলৰ মাজত ছবিৰ টিকট বিতৰণ কৰি national movie night উপভোগৰ জড়িয়তে অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে এই কাৰ্যসূচী হাতত লৈছো। কিয়নো বিজেপি দলে অসমীয়া বোলছবিৰ বাবে কাম নকৰে তাৰ পৰিবৰ্তে সমাজত হিংসাৰ বীজ সিঁচি কাশ্মীৰ ফাইলচ্, কেৰেলা ষ্টৰীৰ দৰে বেলেগ প্ৰদেশৰ বোলছবিক প্ৰমোচন কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰে আমি তাৰ পৰিবৰ্তে অসমীয়া বোলছবি উদ্যোগটোক উৎসাহিত কৰাৰ লগতে কলাকুশলী তথা নিৰ্মাতা, নিৰ্দেশকক উৎসাহিত কৰিবলৈ এই পদক্ষেপ লৈছো।
কাশ্মীৰ ফাইলচ্ বা কেৰেলা ষ্ট’ৰী চাই বিজেপি নেতা কৰ্মী কান্দি কান্দি হ’ লৰ পৰা ওলাই আহি হিন্দু মুছলমানৰ ৰাজনীতি কৰাতকৈ অসমীয়া মানুহে অসমীয়া বোলছবি উপভোগ কৰি হাঁহি হাঁহি বোলছবি গৃহৰপৰা ওলাই আহক। জাতীয়তাবাদী চিন্তাধাৰটো সদায় মনত লৈ কাম কৰি জাতিটোৰ উৎকৰ্ষ সাধনৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগে। সকলোবোৰ অসমীয়া বোলছবি ছবি গৃহত অহাৰ লগে লগে অসমীয়া হিচাপে আমি উপভোগ কৰি অসমীয়া বোলছবি উদ্যোগটো চহকী কৰা প্ৰয়োজন।