আমেৰিকাৰ নেছবিলে নিৱাসী এজন লোকে বৰ্ডাৰ কোলী জাতৰ এটা পোহনীয়া কুকুৰ লুলুৰ বাবে ৫০ লাখ ডলাৰ(প্ৰায় ৩৬ কোটি টকা)ৰ সম্পত্তি এৰি থৈ যায়।
WTVF-টিভিয়ে জনোৱা অনুসৰি লুলুৰ চোৱা-চিতা কৰিবলৈ মাৰ্থা বৰ্টনে ক’লে যে কুকুৰটোৰ মালিক বিল ডোৰিছ সফল ব্যৱসায়ী আছিল আৰু বিগত বৰ্ষত তেওঁৰ মৃত্যু হৈছিল।
বৰ্টনে ক’লে যে ডোৰিছে নিজৰ Legacyত লুলুৰ চোৱা-চিতাৰ বাবে টকা ন্যাসত জমা কৰা তথা তাৰ চোৱা-চিতাৰ বাবে প্ৰতিমাহে তাৰ পৰা ধনৰাশি দিয়াৰ ইচ্ছাপ্ৰকাশ কৰে।
তেওঁ ক’লে যে তেওঁ কুকুৰটোক বহুত বেছি মৰম কৰিছিল।
বৰ্টনে ক’লে যে তেওঁ নাজানে যে ইমান বৃহৎ ৰাশি কেতিয়াবা ‘লুলু’ৰ নামত ব্যয় হ’বনে নে নহয়।
Photo: Google