ক’ভিডৰ লগতে আন আন বহু কাৰণৰ বাবে ৰাজ্যৰ বহু চলচিত্ৰ গৃহ বন্ধ হৈ পৰাৰ সময়তে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ সমীপত আজাৰা ভি আই পিত নতুনকৈ নিৰ্মাণ কৰা “আৰ আৰ চিনেমাছ” নামৰ এটা অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত ছবিগৃহ মুকলি কৰা হয়।
মাংগলিক কাৰ্যৰ মাজেৰে চিনেমা হʼলটো উদ্ধোধন কৰে জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই। উল্লেখযোগ্য যে নৱনির্মিত চিনেমা হʼলটোত ১৩৫ গৰাকী লোকে একেলগে চিনেমা উপভোগ কৰিব পাৰিব। দৰ্শকৰ বাবে প্ৰতিদিনে ৫ টাকৈ দর্শনীৰ ব্যৱস্থা থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
উদ্বোধনী অনুষ্ঠানত প্ৰিয়ম পল্লৱীকে ধৰি সাংস্কৃতিক জগতখনৰ লগত জড়িত কেবাগৰাকীও লোক উপস্থিত থাকে। আইমি বৰুৱাই কয় যে, চিনেমা উদ্যোগটোক জীয়াই ৰাখিবলৈ হলে এনেধৰণৰ চিনেমা হলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব।