ছ’চিয়েল মিডিয়াই ব্যক্তিগত তথা পেছাগত জীৱনত ব্যাঘাত জন্মাইছে বলীউড তাৰকা আমীৰ খানৰ ।
এতিয়াৰে পৰা মোবাইল ফোন ব্যৱহাৰৰ পৰা কিছু দূৰত থাকিব আভিনেতাগৰাকী ।
আমীৰ খানৰ পিএ যে জনাইছে এই কথা ।
স্মাৰ্টফোনে যাতে তেওঁৰ ব্যক্তিগত তথা পেছাগত জীৱনত প্ৰভাৱ পেলাব নোৱাৰে সেইবাবে ১ ফেব্ৰুৱাৰীৰ পৰা বন্ধ ৰাখিব মোবাইল ফোন ।
অভিনেতাগৰাকীৰ মতে, মোবাইল ফোনৰ আসক্তিয়ে তেওঁৰ দৈনন্দিন জীৱনত বেয়া প্ৰভাৱ পেলাইছে ।
সেইবাবেই পুৰণা দিনলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছে ।
আমীৰ খানৰ আহিবলগীয়া ছবি ‘লাল সিং চাড্ডা’ ৰ শ্বুটিং মাজতে আন এখন ছবি ‘কোই জানে না’ ত কাম কৰিছে আমীৰ খানে ।
শ্বুটিং শেষ হোৱাৰ পিছতেই মুম্বাইলৈ আহি পুনৰ কাম আৰম্ভ কৰিব ‘লাল সিং চাড্ডা’ ৰ ।
টম হকিংস অভিনীত কালজয়ী ছবি ‘ফৰেষ্ট গাম্প’ ৰ পুনৰ নিৰ্মান কৰি চলিত বৰ্ষত বৰদিন উপলক্ষে ৰিলিজ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ।
আগন্তুক পৰিকল্পনাসমূহত যাতে কোনো ধৰণৰ ব্যাধাত নজন্মে সেই উদ্দেশ্য মোবাইল ফোন তথা ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে আমীৰ খানে ।