বলীউদৰ তাৰকা আমিৰ খানে আগন্তুক স্বাধীনতা দিৱসৰ ৭৫তম বৰ্ষপূতি উপলক্ষ্যে অসমত হ’বলগীয়া স্বাধীনতাৰ অমৃত মহোৎসৱত ভাগ নলয়। উল্লেখ্য যে স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনেতা আমিৰ খান তথা লাল সিং চদ্দাৰ কলা-কুশলীসকলক আমন্ত্ৰণ কৰিছিল।
লগতে আমিৰ খান অভিনীত শেহতীয়া বোলছবি “লাল সিং চদ্দা”ৰ এক বিশেষ প্ৰদৰ্শনীৰ আয়োজনো কৰা হৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। কিন্তু বিশেষ কাৰণ বশত: ১৫ আগষ্টত অসমত উপস্থিত হ’ব নোৱাৰিব আমিৰ খান, ইয়াৰ পৰিৱৰ্তে আগন্তুক সময়ত প্ৰদৰ্শনীতহে ভাগ ল’ব অভিনেতাজনে।