বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে প্ৰৱঞ্চনাৰ এক ঘটনা পোহৰলৈ আহিছে। তেওঁ কৈছে যে, “কোনোবাই মোৰ পেন কাৰ্ডৰ অপব্যৱহাৰ কৰি মোৰ নামত ঋণ লৈছে। অভিনেতাজনে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে অনুৰাগীসকলক এই তথ্য প্ৰদান কৰিছে। তেওঁ কৈছে যে, “মই পেন কাৰ্ড জালিয়াতিৰ ভুক্তভোগী হ’লো, মোৰ নামত ঋণ লোৱাৰ বাবে মোৰ পেন কাৰ্ডৰ বিৱৰণৰ অপব্যৱহাৰ কৰা হৈছে। এই প্ৰৱঞ্চনাৰ ফলত মোৰ ক্ৰেডিট স্ক’ৰটো প্ৰভাৱিত হৈছে আৰু ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড (চি আই বি আইএল)ৰ বিষয়াসকলক বিষয়টো চাবলৈ কৈছোঁ।”
#FraudAlert My pan card has been misused and a small loan of Rs.2500 has been taken on my name. Due to which my cibil score has been affected. @CIBIL_Official please rectify the same and do take precautionary steps against this.
— Rajkummar Rao (@RajkummarRao) April 2, 2022
ৰাজকুমাৰে এই সমগ্র বিষয়টো টুইটাৰত টুইট কৰি লিখিছে, “#FraudAlert মোৰ পেন কাৰ্ডৰ অপব্যৱহাৰ কৰা হৈছে আৰু মোৰ নামত ২,৫০০ টকাৰ এটাৰ সৰু ঋণ লোৱা হৈছে, যাৰ ফলত মোৰ চি আই বি আই এলৰ নম্বৰ প্ৰভাৱিত হৈছে। চি বি আই এল অনুগ্ৰহ কৰি ইয়াক সংশোধন কৰক আৰু ইয়াৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক।” বৰ্তমান, ৰাজকুমাৰ ৰাওৰ এই টুইটৰ ওপৰত চি আই বি আই এলৰ দ্বাৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। একে সময়তে, অভিনেতাজনৰ এই টুইটটো সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। টুইটটোত মন্তব্য কৰি মানুহে অনুৰাগীয়ে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।