বীৰ লাচিত বৰফুকনৰ জীৱনৰ তথ্যসম্বলিত চলচ্চিত্ৰ নিৰ্মাণ কৰিব বলিউডৰ অভিনেতা বিবেক অ’বেৰয়ে ।
মাজুলীত ‘সহোদৰ ২০২০-২১’ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে অভিনেতাগৰাকীয়ে ।
সম্বন্বয় আৰু ভাতৃত্ববোধৰ মূলমন্ত্ৰৰে ২১ আৰু ২২ ফেব্ৰুৱাৰীত মাজুলীৰ জেংৰাইমুখত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ‘সহোদৰ ২০২০-২১’ ।
অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকে বলিউডৰ জনপ্ৰিয় অভিনেতা বিবেক অ’বেৰয় ৷
অসমৰ ৭০ শতাংশ কলা-কুশলীকলৈ এই চলচ্চিত্ৰখন নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে উক্ত অনুষ্ঠানত ।
মোগলৰ দৰে বিশাল সৈন্য-বাহিনীক নৰিয়া গাৰেই যুদ্ধত পৰাজিত কৰিবলৈ সক্ষম হৈছিল লাচিত বৰফুকনে।
এনে এগৰাকী বীৰক সকলোৱে চিনি পোৱাতো অতি প্ৰয়োজন ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো মাজুলীক কাৰ্বন-নিষ্ক্ৰিয় জিলাৰূপে গঢ়াৰ প্ৰচেষ্টাৰ বাবে শলাগ লয় বিবেক অ’বেৰয়ে ৷
photo: google