মডেল-অভিনেত্ৰী গেহনা বশিষ্ঠক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ ৷
পৰ্ণ ভিডিঅ’ৰেকেটত জড়িত থকাৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৷
মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই আটক কৰিছে ‘গণ্ডী বাত’ খ্যাত অভিনেত্ৰী গেহনা বশিষ্ঠক ৷
অশ্লীল ভিডিঅ’ শ্বুটিং আৰু নিজৰ ৱেবচাইটত আপলোড কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে অভিনেত্ৰীগৰাকীক ৷
ৰিপৰ্ট অনুসৰি, ৭ ফেব্ৰুৱাৰীত আৰক্ষীয়ে আদালত উপস্থিত কৰোৱাই অভিনেত্ৰীগৰাকীক ৷
TV9 ৰ ৰিপৰ্ট অনুসৰি, ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰু কেইবাগৰাকী মডেল আৰু অভিনেত্ৰীক আটক কৰিছে আৰক্ষীয়ে ৷
চিনেমাৰ দৃশ্যগ্ৰহণৰ সুযোগ লৈ মধ দ্বীপৰ কিছু বাংলোত দেহ ব্যৱসায় আৰু পৰ্ণ ভিডিঅ’ শ্বুটিং চলাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷
ভুক্তভোগীৰ পৰা লাভ কৰা তথ্য অনুসৰি আৰক্ষীয়ে ৫ ফেব্ৰুৱাৰীত মধ দ্বীপত অভিযান চলায় ৷
চিনেমাত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভনেৰে যুৱক-যুৱতীসকলক ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰে ৷
অভিযান কালত আৰক্ষীয়ে উদ্ধাৰ কৰে বহু আপত্তিজনক সম্পত্তি ৷