বলিউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী আক্ৰান্ত হৈছে ব্ৰেষ্ট কেন্সাৰত। এই কথা ছচিয়েল মিডিয়াৰ এটা ভিডিঅ’যোগে নিজেই অনুৰাগীক জনালে অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য যে, বহুদিনৰে পৰা মহিমা চৌধুৰী এই ৰোগত আক্ৰান্ত আছিল যদিও পৰিয়াল তথা অনুৰাগীৰ পৰা লুকুৱাই ৰাখি অকলেই যুঁজ দিছিল এই দুৰাৰোগ্য কেন্সাৰৰ বিৰুদ্ধে।
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ’ যোগে সকলোকে তেওঁৰ অসুখৰ কথা সকলোকে জনায়। ভিডিঅ’টোত মহিমাই অন্য কথাৰ লগতে এটা কথা উল্লেখ কৰে যে, কেন্সাৰ বুলি কলে সকলোৱে ভয় খায়, সেয়েহে এই কথাটো মই সকলোৰে পৰা লুকুৱাই ৰাখিছিলো। ৪৮ বছৰীয়া অভিনেত্ৰীগৰাকীৰ স্বাস্থ্য বৰ্তমান কিছু উন্নত হৈছে বুলি জানিব পৰা গৈছে।