বুধবাৰে জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসে। মংগল কামনাৰে আয়তীয়ে দিয়া উৰুলি আৰু ভকত, অনুৰাগীয়ে দিয়া আৰ্শীবাদেৰে বুকুত হেজাৰ উৎকণ্ঠা আৰু সেউজীয়া আশা সিঁচি এটা নতুন জীৱনৰ দিশে আগবাঢ়িল ৰিম্পী।
ৰিম্পী দাসৰ পাণি গ্ৰহণ কৰিলে ব্যৱসায়ী বিনয় তালুকদাৰে। দুয়ো হাতত হাত ধৰি ল’লে নতুন জীৱনৰ সংকল্প, হাতত হাত ধৰি খোঁজ দিব দুয়োৱে। গুৱাহাটীৰ গেমছ ভিলেজত বুধবাৰে সম্পন্ন হয় এই বিবাহ অনুষ্ঠান ৷ মহানগৰীৰ লালমাটিৰ গেমচ ভিলেজত উখল-মাখল পৰিৱেশ। আনন্দত মতলীয়া সকলো। ৰিম্পীৰ বিয়াত পদধূলা দিয়াৰ লগতে একাঁজলি আৰ্শীবাদ দিবলৈ আহিল অতিথি। অনুৰাগী, শিল্পী, সাহিত্যিক, নেতাৰ পৰা পৰিয়ালৰ আত্মীয় স্বজনৰ লগতে বন্ধু বৰ্গই ভিৰ কৰেহি বিয়াঘৰৰ ৰভাতলি৷ বুধবাৰে এই বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে কয়, “অভিনয় কেতিয়াও নেৰো, এনেকুৱা এখন ঘৰ পাইছো, মোৰ কেতিয়াও অনুভৱ নহ’ব যে মই এইখন ঘৰ এৰি অন্য এখন ঘৰলৈ গৈছো।” আঠমঙলাৰ পাছত গোগামুখত বিহু অনুষ্ঠানতো অংশগ্ৰহণ কৰিব বুলি কয় ৰিম্পীয়ে।