প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীয়ে ৰাষ্ট্ৰীয় টেলিভিছন চেনেল NDTVৰ ২৯.১৮ শতাংশ ক্ৰয় কৰি শেহতীয়াকৈ সংবাদ জগতত প্ৰৱেশ কৰিলে। NDTVৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব আদানী মালিকাধীন এ এম জি মিডিয়া নেটৱৰ্কচে ২৯৪ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে।
NDTVৰ প্ৰতিষ্ঠাপক প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে কয় যে তেওঁলোকৰ পূৰ্ব অনুমতি অবিহনে বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডৰ হাতত থকা ২৯.১৮ শতাংশ শ্বেয়াৰ বিক্ৰী কৰা হৈছে।
উল্লেখ্য যে, আন ২৬ শতাংশৰ ওপৰতো চকু আছে আদানী গ্ৰুপৰ। গতিকে এইয়া ক্ৰয় কৰিব পাৰিলে এন ডি টিভিৰ ৫৫ শতাংশ ক্ৰয় কৰিব পাৰিব।