“Arranged” আৰু “LoveBirds“ৰ অপাৰ সাফল্যৰ পাছতএইবাৰ দৰ্শকলৈ সমুজ্জল কাশ্যপে আগবঢ়াইছে ” The Radio Guy”। লিমা দাস অভিনীত “Arranged” আৰু আলিস্মিতা-অচিন্ত ৰাজ কাশ্যপ অভিনীত LoveBirds, এই দুয়োখন চুটি ছবিয়ে কাদম্বৰী ক্ৰিয়েচনচৰ কে চি ডিজিটেল ফ্লিমচ নামৰ ইউটিউচ চেনেলটিত মুকলি কৰাৰ বহু কম সময়ৰ ভিতৰতে ক্ৰমে ৫ লাখ আৰু ৬৬ হাজাৰ ভিউচ পাবলৈ সক্ষম হৈছিল।
The Radio Guy ২৩ জুলাইত মুক্তি পাবলৈ গৈ থকা ছবি খন KC Digital Film ইউটিউব চেনেলটিত উপলব্ধ হ’ব। ছবি খনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে একেধাৰে অভিনেতা, গীতিকাৰ, নিৰ্দেশক, প্ৰযোজক শশাংক সমীৰে।
অন্য বাতৰি পঢ়িবলৈ:- অতি শীঘ্ৰে মুকলি হ’বলৈ গৈ আছে অনন্ত তাছাৰ ‘সুৰ-বাহিনী’
ছবি খন মুলত মানৱীয় প্ৰমুল্যবোধৰ বিভিন্ন আৱেগিক দিশসমূহক মনোগ্ৰাহীকৈ উপস্থাপন কৰা হৈছে এই ছবি খনত।
ছবি খনৰ আন ভিন্ন চৰিত্ৰত অভিনয়ত দেখা পোৱা যাব ক্ৰমে হীৰা নেওঁগ, হৰ্ষ সিদ্ধান্ত আৰু বাদল সিনহাক। ছবি খনৰ কাহিনীভাগ/ নিৰ্দেশনা/সম্পাদনা/দৃশ্যগ্ৰহণ কৰিছে খোদ সমুজ্জল কাশ্যপে।
চাউণ্ড আৰু চাউণ্ড ডিজাইনৰ কাম কৰিছে ক্ৰমে য়শ আৰু নবাৰুণ বৰা। মেকআপত আছে বিশ্ব কলিতা।
২৩ জুলাইত মুক্তি পাবলগীয়া ছবি খনৰ সমূহ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীলৈ হেডলাইন৮ৰ তৰফৰ পৰা অশেষ শুভকামনা।