কান চলচ্চিত্র মহোৎসৱত অসমৰ অভিনেত্রী তথা ছবি নির্মাতা আইমী বৰুৱাৰ ‘চেমখৰ’ৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰিল বিশ্বৰ চলচ্চিত্ৰ অনুৰাগী। তাৎপর্যপূর্ণভাৱে কান চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অব অ’নাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত আইমী বৰুৱাই’ চেমখৰ’ সন্দৰ্ভত ১০ মিনিট সময় উজ্জীৱিত ভাষণেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখে উপস্থিত বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীসকলক।
উক্ত অনুষ্ঠানত প্ৰদৰ্শন কৰা ‘চেমখৰ’ৰ ট্ৰেইলৰেও মুগ্ধ কৰে উপস্থিত বিশ্বৰ সংবাদ মাধ্যমক। লক্ষণীয় বিষয় এয়ে যে, অসমৰ ডিমাছা জনগোষ্ঠীৰ ভাষাত নিৰ্মিত চেমখৰৰ কথা জানিবলৈ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত ব্যক্তিসকল। বিশেষকৈ ‘চেমখৰ’ নিৰ্মাণ কৰা ধাৰণাটো কেনেকৈ, কিয় আৰু ক’ৰ পৰা আহিল, আৰু ইয়াক নিৰ্মাণৰ ক্ষেত্ৰত কি কি প্রত্যাহ্বান পাৰ হব লগা হ’ল, অসমত এনেকুৱা এখন ঠাই এতিয়াও আছেনে নাই, ইত্যাদি বিভিন্ন প্রশ্ন সুধিছিল চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক।
উল্লেখযোগ্য যে কান চলচ্চিত্র মহোৎসৱৰ সৈতে সংলগ্ন এখন মঞ্চত চলচ্চিত্র নির্মাতা অথবা এই ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিয়ে বক্তব্য ৰখাৰ সুবিধা পোৱাটো পৰম সৌভাগ্যৰ কথা। বিগত বৰ্ষত ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত নোহোৱা বাবে ভাৰতীয় পেনোৰামাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান আজুৰি অনা ‘চেমখৰ’ সন্দৰ্ভত কান চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেভেলিয়নত বক্তব্য ৰখাৰ বাবে ভাৰত চৰকাৰৰ পৰা আনুষ্ঠানিকভাবে চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক বাছনি কৰা হৈছিল।