আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্ত ঘোষণা কৰাৰ পিছত অসমৰ ৰাজনৈতিক দলসমূহৰ আঞ্চলিক দুয়োটা সমালোচনাৰ এক বিষয় হৈ পৰিছে ৷
শেহতীয়াকৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ বিধায়িকা আঙুৰলতাৰ মন্তব্য কৰে ৷
বিধায়িকাগৰাকীয়ে মন্তব্য কৰি কয় যে আমাৰ বিজেপি চৰকাৰৰ দিনত ইমানেই উন্নয়নৰ কাম হৈছে যে, ৰাইজে আকৌ বিজেপি দলৰ চৰকাৰেই বিচাৰিব ৷
গতিকে মিত্ৰজোঁট, মহামিত্ৰ এইবোৰ ক’ৰবাতেই পৰি ৰ’ব ৷
লগতে আৰু কয়, বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্যক কোনেও প্ৰতিহত কৰিব নোৱাৰে ৷
এই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলসমূহে গুৱাহাটীত একোটাকৈ কাৰ্যালয় খুলি বহি আছে ৷
তাৰ বাহিৰে একো বেছি কৰা নাই ।
তেওঁলোকৰ এয়া মিত্ৰতা নহয়, আচলতে বিয়নীমেলহে।