ভেকচিনেচনৰ প্ৰমাণ আনক বিয়েৰ লৈ যাওক
Samuel Adams beer নামৰ এটা কোম্পানীয়ে আমেৰিকাৰ অহিঅ’ত ভেকচিনৰ সলনি বিয়েৰ দিয়াৰ অফাৰ প্ৰদান কৰি আছে।
ইয়াৰ বাবে আপুনি ভেকচিনেচনৰ পিছত লাভ কৰা চাৰ্টিফিকেট লগত লৈ যাব লাগিব।
চাৰ্টিফিকেট দেখুৱাই আপুনিও বিনামূলীয়াকৈ বিয়েৰ লৈ যাব পাৰে।
আমেৰিকাৰ ব্যক্তিগত কোম্পানীয়ে আৰম্ভ কৰিছে এই স্কীম
ভাৰতসহ সমগ্ৰ বিশ্বৰ কেইবাখনো দেশত ক’ৰোনা ভাইৰাছ পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে চৰকাৰে ভেকচিনেচন অভিযান দ্ৰুতগতিত চলাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।
কিন্তু আজিও কিছুমান লোকে ভেকচিন গ্ৰহণ কৰিবলৈ দ্বিধা বোধ কৰি আছে।
এইবাবে আমেৰিকাৰ এটা ব্যক্তিগত কোম্পানীয়ে ভেকচিন গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিয়েৰ আৰু গাঞ্জা দিয়াৰো স্কীম আৰম্ভ কৰি দিছে।
ভেকচিনেচনৰ সলনি গাঞ্জা আৰু ড’নাটৰ অফাৰ
ইয়াৰোপৰি আমেৰিকাৰে মিছিগানত Marijuana প্ৰস্তুত কৰা কোম্পানীয়ে যুৱপ্ৰজন্মক গাঞ্জাও উপলব্ধ কৰাই আছে।
ইফালে ক্ৰিস্পী ক্ৰীম ড’নাটছ্ নামৰ কোম্পানীয়ে ভেকচিনেচনৰ পিছত বিনামূলীয়াকৈ এটা ড’নাট দিয়াৰো কথা প্ৰকাশ কৰিছে।
ভেকচিনেচন চেণ্টাৰলৈ আহিবলৈ ভাড়া বিনামূলীয়া
ইউএছ টুডেৰ ৰিপৰ্ট অনুসৰি, ব্যক্তিগত কোম্পানীৰ এই অফাৰৰ প্ৰভাৱ ভেকচিন চেণ্টাৰসমূহতো দেখা পোৱা গৈছে।
তাত ভেকচিন গ্ৰহণ কৰিবলৈ ৰাইজৰ ভিৰ লাগিছে।
ইয়াৰ পিছত কেইখনমান স্থানত স্থানীয় প্ৰশাসনেও ভেকচিন চেণ্টাৰত উপস্থিত হ’বলৈ যি ভাড়া প্ৰয়োজন সেয়াও বিনামূলীয়াকৈ দিবলৈ অফাৰ প্ৰদান কৰিছে।
ৰিপৰ্ট অনুসৰি, কেইবাটাও ব্যক্তিগত কোম্পানীয়েটো নিজৰ কৰ্মচাৰীসকলক অফিচৰ পৰা ছুটীও প্ৰদান কৰিছে।
চীনত বিনামূলীয়া আইচক্ৰীমৰ অফাৰ
ইফালে চীনৰ কথা কও যদি কেইখনমান চহৰত ভেকচিনেচন বাধ্যতামূলক কৰি দিছে।
আনহাতে ৰাজধানী বেইজিঙত কেইবাটাও ভেকচিন চেণ্টাৰত বিনামূলীয়া আইচক্ৰীমৰ অফাৰ প্ৰদান কৰিছে।
Photo: Google