বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত, ‘দ্য কাশ্মীৰ ফাইলছ‘ ছবিখনে প্ৰথম সপ্তাহতে বক্স অফিচৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। ১০০ কোটিৰ ক্লাবত প্ৰৱেশৰ বাবে গতি কৰা কাশ্মীৰ ফাইলছে ষষ্ঠ দিনা ১৯.৩০ কোটি টকা উপাৰ্জন কৰিছে। ছবিখনে মুঠ বক্স অফিচত সংগ্ৰহ কৰিছে ৭৯.৫০ কোটি।
কাশ্মীৰ ফাইলছৰ সৈতে জড়িত হৈ আছে এজন অসম সন্তান। কাশ্মীৰ ফাইলছৰ সংগীত প্ৰযোজক হিচাপে আছে অসম সন্তান, সংগীত শিল্পী তপনজ্যোতি দত্ত।
যোৰহাটত জন্মগ্ৰহণ কৰা সংগীত শিল্পী তপনজ্যোতি দত্তই কাশ্মীৰ ফাইলছৰ উপৰিও ‘অনাৰকলি অফ আৰাহ’, ‘এন্দ্ৰেদাদোছ’ আদিৰ দৰে চলচ্চিত্ৰতো সংগীতৰ কাম কৰিছিল।
উল্লেখযোগ্য যে, প্ৰভাসৰ ৰাধে শ্যাম আৰু আলিয়া ভাট্টৰ গংগুবাঈ কাঠিয়াৱাড়ীৰ দৰে ডাঙৰ ছবিয়েও ৰুধিব পৰা নাই কাশ্মীৰ ফাইলছক।