গুৱাহাটীৰ চান্দমাৰী অঞ্চলত থকা মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰই মহানগৰীৰ ভালেমান শিক্ষাৰ্থীক গীটাৰ, পিয়ানো, কী বৰ্ড, বেহেলা আৰু কণ্ঠ সংগীতৰ প্ৰশিক্ষণ দি আহিছে সংগীত প্রতিষ্ঠানটিৰ অধ্যক্ষ তথা সংগীত শিল্পী হিৰণ্য কলিতা আৰু তেওঁৰ পত্নী বৰ্ণালী কলিতাই। আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সাংস্কৃতিক প্রতিষ্ঠান আৰু পৰীক্ষা পৰিষদ-মিউজিচিয়া আৰ্টছ এণ্ড কালচাৰ কাউন্সিল’ৰ দ্বাৰা অনুমোদিত, মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্রই শিক্ষার্থীসকলক তেওঁলোকৰ সম্পূৰ্ণ সংগীতৰ সম্ভাৱনা বিকাশ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ লগতে মঞ্চত প্ৰদৰ্শন কৰাৰ নিয়মীয়া সুযোগ প্ৰদান কৰি আহিছে। বিগত বৰ্ষবোৰৰ দৰেই ১৭ জুলাইৰ দিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক সংগীতানুষ্ঠান শিক্ষার্থী, অভিভাৱক, শুভাকাংক্ষী আৰু সংগীতানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হৈ যায়।
শিক্ষার্থীসকলে তেওঁলোকৰ অপৰিসীম প্রতিভাৰে এটাৰ পিছত এটা সুমধুৰ অসমীয়া, হিন্দী তথা পাশ্চাত্য সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে অসমৰ বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছত অসম তথা ভাৰতবৰ্ষৰ স্বনামধন্য সংগীত শিল্পী ক্রমে অপূর্ব বেজবৰুৱা, লতা মঙ্গেশকাৰ, বাপ্পী লাহিড়ী আৰু কে কে’’ৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পৰিস্মিতা বৰদলৈ আৰু মামণি বকতিয়ালে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভ হৈছিল নভ্যা বাউৰীৰ দ্বাৰা পৰিবেশিত বিখ্যাত ৰঘুপতি ৰাঘৱ ৰাজা ৰাম’ ভজনটোৰ সুৰেৰে। ইয়াৰ লগে লগে চ্যোনী কলিতা, দেবানুজ গগৈ, ধানিষ্ঠা দেৱী, ৰুচিৰ বৰদলৈ, অয়ন কলিতা, পৰিক্ষিত বড়ো, ধৃতিৰাজ কলিতা, প্রিয়াংশু শইকিয়া, ডুবৰি কলিতা, নিহাল কাশ্যপ, লভ্যা আগৰৱালা, আবিয়ন কাশ্যপ গগৈ, তেজাঞ্চি জয়স্তম, কুনাল দাস, ছেমছ হাজৰিকা, দীপ্তাংশু পাটগিৰি, জৰ্ণভ চক্রবর্তী, মৃণাভ চলিহা, মায়াংক চক্রবর্তী, মিলিন্দ চৌধুৰী, নিকুঞ্জ বাউৰী, আদি শিক্ষার্থীয়ে গীটাৰ, পিয়ানো আৰু কী বৰ্ডত অসমীয়া, হিন্দী আৰু পাশ্চাত্য সুৰৰ ঝংকাৰ তুলি সাংস্কৃতিক অনুষ্ঠানটি মনোৰম কৰি তোলে।
অতিথি শিশু শিল্পী নিশিতা কলিতাৰ গীত পৰিৱেশন, দিক্ষিতা পাটগিৰিৰ ভাৰত নাট্যম, নিকিটা দেৱীৰ কথক আৰু য়ুভিকা জে শৰ্মাৰ বিহু নৃত্যই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শেষত ছাত্ৰ-ছাত্ৰীক সংগীত শিক্ষাৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ আৰু বঁটা প্ৰদান কৰা হয়।