প্ৰধানমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ লাভ কৰি উৎফুল্লিত অভিনেতা অনুপম খেৰ ৷
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে পোষ্ট ৷
অনুপম খেৰৰ নতুন কিতাপ ‘your best day is Today’ পঢ়ি প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
এখন চিঠি লিখি প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিছে অভিনেতাগৰাকীলৈ ৷
‘your best day is Today’ কিতাপখনৰ বহুঅংশ তেওঁৰ মাকৰ কথাৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখিছে অভিনেতাগৰাকীয়ে ৷
ছ’চিয়েল মিডিয়াত ভাইৰেল প্ৰধানমন্ত্ৰীৰ পত্ৰত তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ কথা উল্লেখ কৰিছে ৷
মোদীয়ে কয় যে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ভাৰত আৰু ভাৰতীয়ই বিশ্বৰ বাবে যি কৰিছে সেইয়া মহত্বপূৰ্ণ প্ৰমাণিত হ’ব আৰু তাৰ পৰাই আৰম্ভ হয় আত্মনিৰ্ভৰ ভাৰতৰ ৷
লগতে তেওঁ কয় যে অনুপম খেৰৰ এই কিতাপখনৰ জৰিয়তে সকলোকে কঠিন সময়ত শক্তিশালী আৰু একত্ৰিত হৈ থকাৰ বাৰ্তা প্ৰেৰণ কৰিছে ৷
অনুপম খেৰৰ মাতৃয়েও বহুবাৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে ৷
অভিনেতাগৰাকীয়ে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয়, ‘আপোনাৰ এই চিঠিৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো, ব্যস্ততাৰ মাজতো কিতাপখন পঢ়াৰ বাবে সুখী অনুভৱ কৰিছো ৷
আপুনি এগৰাকী মহান নেতা , আপোনাৰ নেতৃত্বত দেশ প্ৰগতিৰ পথত বহু দূৰ আগুৱাই যাব বুলি বিশ্বাস ৷ ‘
photo: google