নিউজ ডেস্কঃ পিতৃ-মাতৃৰ গধুৰ দায়িত্বৰে বান্ধ খালে বিৰুষ্কা ৷
সোমবাৰে এটি কন্যা সন্তান জন্ম দিলে অনুষ্কা শৰ্মাই ৷
আনন্দত আত্মহাৰা পিতৃ বিৰাট কোহলীয়ে টুইটাৰযোগে প্ৰকাশ কৰিলে এই কথা ৷
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাই আনন্দৰ এই ক্ষণত ধন্যবাদ জনালে সকলোকে ৷
— Virat Kohli (@imVkohli) January 11, 2021
লগতে ক’লে মাতৃ-কন্যা বৰ্তমান সম্পূৰ্ণ সুস্থ ৷
তেওঁলোকে প্ৰথম সন্তানক আদৰণি জনাই জীৱনৰ এই নতুন অধ্যায়ৰ আৰম্ভণি কৰি যথেষ্ট সুখী অনুভৱ কৰিছে বুলিও উল্লেখ কৰিলে ৷