অৱশেষত দিনজোৰা উৎকণ্ঠাৰ অন্ত পেলাই গুৱাহাটী পালেহি সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ পৰা তেওঁক ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ অনাৰ পিছতে এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ অনা হৈছিল। গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত সাজু কৰি ৰখা জিএমচিএইচৰ এম্বুলেন্সেৰে আনি শিল্পীগৰাকীক গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পতালত ভৰ্তি কৰাব।
জুবিন গাৰ্গৰ পৰিয়ালৰ সিদ্ধান্ত মৰ্মে আয়ূৰসুন্দ্ৰাত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। মুখ্যমন্ত্ৰীয়ে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে ৷ শিল্পীগৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ যদিও তেওঁক নিৰীক্ষণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰি এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ অনা হৈছে।
উল্লেখ্য, বাথৰুমত পৰি মূৰত আঘাত পাইছিল জুবিনে। তথ্য অনুসৰি তেওঁৰ মূৰত পাঁচটা চিলাই পৰিছিল। ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যক লৈ ৰাজ্যজুৰি উদ্বিগ্নতা পৰিলক্ষিত হৈছিল।