হেঁপাহৰ ৰঙালীক আদৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী। আজি গৰু বিহু।
পুৱাই নৈ, বিল, পুখুৰী আদিত গৰুক গা ধুৱাই লাওঁ, বেঙেনা, হালধি,আদি গৰু গালৈ ছটিয়াই দিয়া হৈছে।
আজি গৰু বিহুৰ উদযাপনৰ লগতে ৬ বহাগলৈ পালন কৰা হ’ব ৰঙালী বিহু।
বিগত বৰ্ষত ক’ভিডৰ বাবে ৰাজ্যবাসীয়ে পালন কৰিব পৰা নাছিল হেঁপাহৰ বিহুটি।
যাৰ বাবে এইবাৰ পূৰ্ণ উদ্যমেৰে প্ৰস্তুতি চলাইছে ৰঙালীক আদৰিবলৈ।
বিগত বৰ্ষত ক’ৰোনাৰ বাবে শিল্পীসকলৰ মাজতো সৃষ্টি হৈছিল নিৰাশাজনক ভাৱধাৰা।
ক’ভিডৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিয়ে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছিল শিল্পীসমাজক।
কিন্তু ৰাজ্য চৰকাৰে যেতিয়া এইবাৰ বিহু উদযাপিত হ’ব বুলি ঘোষণা কৰিলে তেতিয়াৰে পৰা তেওঁলোক যথেষ্ট উৎফুল্লিত হৈ পৰিছে।
বিহুৰ মঞ্চ কঁপাবলৈ সাজু হৈছে তেওঁলোক।
কিন্তু বৰ্তমানেও শেষ হোৱা নাই ক’ভিডৰ মাৰাত্মক পৰিস্থিতি।
বৰ্তমান ৰাজ্যত অব্যাহত ক’ৰোনাৰ দ্বিতীয়টো ঢৌ।
ক’ৰোনাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতো সমগ্ৰ অসমৰ ৰাইজে বা শিল্পী সমাজে পালন নকৰিবনে হেঁপাহৰ বিহুটি?
অসমৰ প্ৰতিগৰাকী শিল্পী মঞ্চত বিহু পৰিৱেশনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে।
কিন্তু বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে শিল্পীসকলে কিমান মাননী নিৰ্ধাৰণ কৰে আপুনি জানেনে।
এইবাৰ বিহু অনুষ্ঠান পৰিৱেশনৰ বাবদ লৈছে ইমান টকা…
সংবাদ মাধ্যমত প্ৰকাশ পাইছে এইখন তালিকা-
১.হাৰ্টথ্ৰব জুবিন গাৰ্গ- ৫ৰ পৰা ৮ লাখ (প্ৰতিটো অনুষ্ঠানৰ বাবদ)
২.অংগৰাগ পাপন মহন্ত- ৬ৰ পৰা ৮ লাখ
৩. প্ৰিয়ংকা ভৰালী- ২ৰ পৰা ৪ লাখ
৪. তৰালী শৰ্মা- ২ৰ পৰা ৪ লাখ
৫. নীল আকাশ- ৪.৫০ৰ পৰা ৪.৮০ লাখ
৬. বাবু বৰুৱা- ২.৫০ৰ পৰা ৩ লাখ
৭. কৃষ্ণমণি নাথে- ২ৰ পৰা ৩ লাখ
৮. বৰ্ণালী কলিতা- ২.৫০ৰ পৰা ৩.৫০ লাখ
৯. নিৰ্মালী দাস- ২.৫০ৰ পৰা ৩ লাখ
সেই একেদৰে দীক্ষু, কুসুম কৈলাশ, বিপিন চাউদাং, সীমান্ত শেখৰ, মানস ৰবীন, অনুপম শইকীয়া, ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি, নেকিব, ভিটালী দাসে এই কেইগৰাকী শিল্পীয়ে ২ৰ পৰা ৩.৫০ লাখ টকা পর্যন্ত মাননি নিৰ্ধাৰণ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
Photo: Google