ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসমৰ আন এটি সন্তান টকজিৰ কাথাৰ দলে৷ মুম্বাই মহানগৰীত কালাৰ্ছ টি ভিৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটী শ্ব’ ডান্স ডিৱানে চিজন ফ’ৰত ৭ বছৰীয়া টকজিৰে ভাগ লৈ মনোমোহা নৃত্যৰে লাখ লাখ নৃত্যপ্ৰেমীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷
টকজিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৰাজ্যবাসীক৷ সমান্তৰালকৈ জন্মস্থান শিৱসাগৰতো টকজিৰৰ সফলতাৰ বাবে ৰাইজৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷ এতিয়া টকজিৰক পৰিৱৰ্তী ৰাউণ্ডলৈ যাবলৈ ভোটিঙৰ প্ৰয়োজন বুলি জানিবলৈ দিয়ে ৷ সেয়ে টকজিৰৰ বাবে ভোটদান কৰিবলৈ সংবাদমেলযোগে ৰাইজলৈ শিৱসাগৰৰ সমৰ্থকসকলে আহ্বান জনায় ৷
ইফালে শিৱসাগৰৰ দিখৌমুখ অঞ্চলতো টকজীৰৰ সমৰ্থনত ভালেসংখ্যক লোক ওলাই আহে ৷ হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰাইজক টকজীৰৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, টকজিৰক ভোট দিবৰ বাবে ম’বাইলৰ Play Store গৈ Jio Cinema App download কৰি সেই এপযোগে ভোটদান কৰিব পাৰিব বুলি জনায় ৷ ভোটদানৰ সময় ৩০ মাৰ্চ শনিবাৰ নিশা ৯-৩০ বজাৰ পৰা আৰম্ভ হৈ ৩১ মাৰ্চ দেওবাৰৰ পুৱা ৯-৩০ বজাত অন্ত পৰিব ৷ গতিকে ৰাইজক কণমানি টকীজক বিপুল ভোটদান কৰি পৰৱৰ্ত্তী ৰাউণ্ডলৈ উন্নীত কৰিবলৈ সমৰ্থকসকলে আহ্বান জনাইছে।