নিউজ ডেস্কঃ অসমীয়া ছবি জগতখনলৈ গৌৰৱ কঢ়িয়াই আনিলে “লাইভ ইন এ পাপেট” নামৰ অসমীয়া ছবি খনে ৷ অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচৰ আধাৰত নিৰ্মাণ কৰা “লাইভ ইন এ পাপেট”ত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে আশা বৰদলৈ ,দীপান্বিতা দাস ,প্ৰকাশ ঠাকুৰীয়া আৰু নাৰায়ণ ডেকাই৷ পোৰ্টব্লেয়াৰত যোৱা ১২ ডিচেম্বৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত পোৰ্টব্লেয়াৰ আন্তঃৰাষ্টীয় চলচিত্ৰ মহোৎসৱত চাৰিটা বটাঁ লাভ কৰে ৷
উল্লেখ যে “লাইভ ইন এ পাপেট”-এ মহোৎসৱত আন্তঃৰাষ্টীয় শাখাত যুটীয়াভাৱে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে ৷ ইয়াৰ উপৰিও “লাইভ ইন এ পাপেট”-ৰ পৰিচানলক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে ভাৰতীয় শাখাত শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক বঁটা আৰু একেই শাখাতেই ছবিখনে লাভ কৰে শ্ৰেষ্ঠ প্ৰযোজক বঁটা ৷ আনহাতে “লাইভ ইন এ পাপেট”-এ এই মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ শাখাতো শ্ৰেষ্ঠ ছবিৰ সন্মাল লাভ কৰে ৷