আৱাহান থিয়েটাৰে অৱশেষত ‘লভিতা’ নাটকৰ দৰ্শনী বন্ধ কৰিলে। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘লভিতা’ক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ পিছত থিয়েটাৰ কৰ্তৃপক্ষই নাটকখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই কথা ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰে অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে।
ছচিয়েল মিডিয়াত এক পোষ্টৰ জৰিয়তে প্ৰস্তুতি পৰাশৰে জনায় যে অসমবাসী, সকলো দল–সংগঠন, সাংস্কৃতিক কৰ্মী তথা সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি আৱাহান থিয়েটাৰৰ দৰ্শনীৰ পৰা ‘লভিতা’ নাটকখন পৰিৱেশন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰস্তুতিয়ে কয়, ‘‘ৰাইজৰ ঊৰ্ধ্বত কোনো নহয়, আমি সাংস্কৃতিক কৰ্মী হিচাপে ধূলিকণা মাত্ৰ। আমাৰ চেষ্টা আছিল চিৰনমস্য ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি লভিতাৰ অনুপ্ৰেৰণাৰে স্বাধীনতা সংগ্ৰামৰ সেই সময়খিনিক ভ্ৰাম্যমাণৰ মঞ্চত উপস্থাপন কৰাৰ। আমাৰ উদ্দেশ্য কেতিয়াও ৰূপকোঁৱৰজনাৰ সৃষ্টিক বিকৃত কৰাৰ নাছিল আৰু ভৱিষ্যতেও নাথাকিব। বিতৰ্ক সৃষ্টিৰে দৰ্শক সৃষ্টি কৰাৰ ধৃষ্টতা আমাৰ নাই। সেয়েহে আপোনালোকৰ অনুৰোধ, দাবী, আৱেগ, আক্ষেপ আৰু স্বাভিমানক গুৰুত্ব সহকাৰে লৈ এই নাটখন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’’
প্ৰস্তুতিয়ে পুনৰ দোহাৰে যে বিতৰ্ক সৃষ্টিৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৱাৰৱালাৰ অমৰ সৃষ্টিক বিতৰ্কৰ মাজলৈ নিয়াৰ অভিপ্ৰায় আমাৰ নাছিল আৰু আগলৈও নাথাকিব। আমি মাত্ৰ এটি প্ৰয়াস কৰিছিলোঁ, যদি আমাৰ এই প্ৰয়াসত ভুল–ত্ৰুটি ৰৈ গৈছে তেন্তে আমাৰ এই সৎ উদ্দেশ্য তথা চেষ্টাক মাৰ্জনা কৰিব বুলি আমি আশা কৰিলোঁ।