অসমীয়া ছবিজগতলৈ সুখবৰ কঢ়িয়াই আনিছে আইমী বৰুৱাৰ ছবি চেমখৰে। ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম বুটলিবলৈ সক্ষম হোৱা ছবি চেমখৰ এইবাৰ প্ৰদৰ্শিত হব বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ Berlin International Film Film Festival ত অসমীয়া চলচ্ছিত্ৰ খন প্ৰদৰ্শিত হোৱাৰ খবৰৰ পাছতে সুখী অনুভৱ কৰিছে আইমী বৰুৱাই।
তথ্য অনুসৰি, ভাৰতীয় সময়মতে ১২ ফেব্ৰুৱাৰী নিশা ৯ বজাত আৰু ১৫ ফেব্ৰুৱাৰী বিয়লি ৫-৩০ বজাত প্ৰদৰ্শিত হ’ব। এই সন্দৰ্ভত আইমী বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- বিশ্বৰ অন্যতম শ্ৰেষ্ঠ Berlin International Film Film Festival ত নিজৰ ছবিখন অন্তৰ্ভুক্ত হোৱা সপোন দেখে প্ৰতিজন ছবি নিৰ্মাতাই। মইও ইয়াৰ ব্যতিক্ৰম নাছিলোঁ। বহুদিনীয়া এই সপোন ঈশ্বৰ আৰু আপোনাসৱৰ আশীৰ্বাদত সাকাৰ হ’ল।
উল্লেখযোগ্য যে ‘আজাদি কা অমৃত মহোৎসৱ’ৰ থিমত ভাৰত চৰকাৰে ৮খন ছবি পঠিয়াইছিল। ভাৰত চৰকাৰে প্ৰেৰণ কৰা ছবিৰ ভিতৰত এখন আছিল ‘চেমখৰ’। ঢাকা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱতো প্ৰদৰ্শন হৈছিল চেমখৰ। বাংলাদেশত “বিশেষ দৰ্শক” বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। চেমখৰৰ বাৰ্লিন যাত্ৰা ৰাইজৰ আশীৰ্বাদত সফল হ’ল বুলি মন্তব্য কৰে আইমীয়ে।