‘কাচা বাদাম’এই গীতটো নুশুনা মানুহেই হয়ো কম আছে। দেশ বিদেশত জনপ্ৰিয়তা লাভ কৰা এই গীতটোত নৃত্য কৰিবলৈ বাদ পৰা নাই কোনো । অভিনেত্ৰীৰ পৰা খেলুৱৈলৈকে সকলোৱে যেন এই গীতটোৰ তালে তালে এবাৰ হলেও নৃত্য কৰিছে ।
উল্লেখ্য যে, এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে বাদ্যকাৰৰ গানৰ ভিডিঅ’ৰেকৰ্ডিং কৰি তেওঁৰ একাউণ্টত পোষ্ট কৰিছিল। ভিডিঅ’টো প্ৰথমে ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছিল পিছত যেতিয়া বাদ্যকাৰে দুগৰাকী বঙালী ৰেপাৰৰ সৈতে লগ হৈ ইউটিউবত এটা অফিচিয়েল ভিডিঅ’ প্ৰস্তুত কৰিছিল তেতিয়াই চৰ্চালৈ আহে ভুবন বাদ্যকাৰৰ ‘কাচা বাদাম’৷
ইতিমধ্যে, এইগৰাকী ভুবন বাদ্যকাৰ এতিয়া ৫টা ষ্টাৰ কেফে আৰু বহুতো অনুষ্ঠানৰ সৈতে এগৰাকী চেলিব্ৰিটীৰ শাৰীলৈ অহা দেখা গৈছে । অলপতে ভুবন বাদ্যকাৰে নিজকে এগৰাকী চেলিব্ৰেটী বুলি দাবী কৰি আৰু বাদাম বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰিছিল ৷ এই মন্তব্যই পশ্চিম বংগত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল ৷
উল্লেখনীয় ভাৱে বৰ্তমান ভুবন বাদ্যকাৰে তেওঁৰ ‘চেলিব্ৰিটী’ মন্তব্যৰ বাবে ক্ষমা বিচৰাৰ লগতে প্ৰয়োজন সাপেক্ষে পুনৰ বাদাম বিক্ৰী কৰিব বুলি মন্তব্য কৰে । ইয়াৰ উপৰিও তেওঁ পুনৰ পূৰ্বৰ স্থিতিলৈ ঘূৰি যাবলৈ বিচৰা বুলিও প্ৰকাশ কৰে ৷