ৰঙালী বিহুৰ প্ৰাকক্ষণত বিহু আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিৰ সৈতে নতুন প্ৰজন্মক সংপৃক্ত কৰাৰ উদ্দেশ্যৰে বৰলুইত কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত শিল্পী জীনা ৰাজকুমাৰীৰ উদ্যোগত বিগত দহ বছৰৰ দৰে এইবছৰো ২৮ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছিল। কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগতে সদ্য প্ৰয়াত অপূৰ্ব বেজবৰুৱা সোঁৱৰণীত এখনি সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হৈ যায়।
এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰবাসী অসমীয়া প্রিয়দর্শনী, ইনমান, লাহৰী বৰঠাকুৰ (প্রাক্তন সভাপতি, লণ্ডন সাহিত্য সভা), জ্যেষ্ঠ সাংবাদিক অচ্যুত পাটোৱাৰী, ড০ অতুল চন্দ্ৰ ভড়ালীয়ে অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানত সন্ধ্যা মেনন, অনিমা চৌধুৰী, তৃষ্ণা দেৱী, সুৰেখা ছেত্ৰী, ড০ সংগীতা কাকতি,অৰুন্ধতী বেজবৰুৱা, আস্থাৰূপা, শান্তা উজিৰ, কুইন দাস, সুৰেখা ছেত্রী, লোপামুদ্রা নেওগ,বুবুমণি ক্রান্তিকা সন্দিপায়, চিদাংছ ছেলেচৰ, চানু শৰ্মা আদিকে ধৰি বহু কেইজন শিল্পী উপস্থিত থাকে। আৰ জে মেঘাই আঁতধৰা এই অনুষ্ঠানত বৰ্ণাধ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে সংগীত শিল্পী জীনা ৰাজকুমাৰীৰ তত্বাবধানত অনুষ্ঠিত এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে বিহু আৰু নেপালী লোক নৃত্য পৰিবেশন কৰে।