দুৱাৰ দলিত ৰঙালী বিহু। এফালে ৰঙালীৰ আনন্দ, আনফালে ক’ভিডৰ ত্ৰাস।
সেইবুলি অসমীয়া ৰাইজে জানো হেঁপাহৰ ৰঙালী বিহুটি উদযাপন নকৰিব?
ৰঙালী বিহু বুলি ক’লেই প্ৰতিগৰাকী অসমীয়াৰ দেহ নাচি উঠে।
কিন্তু এইবাৰ ৰঙালীৰ আনন্দও ল’ব লাগিব কিছু নীতি-নিয়মৰ মাজেৰে।
কাৰণ এইবাৰ চৰকাৰে বিহুক লৈ জাৰি কৰিছে নতুন নিৰ্দেশনা। এই নিৰ্দেশনা ক’ভিড সজাগতাৰ বাবে।
কিন্তু ৰ’ব ইয়াত আমি ক’ৰোনা ভাইৰাছৰ বিশ্লেষণ কৰিব যোৱা নাই। আমি ইয়াত বিশেষ এটা প্ৰসংগহে উত্থাপন কৰিবলৈ ওলাইছো।
সেয়া হ’ল আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ!
আপোনালোকে নিশ্চয় এই কথাটো ভাবিছে যে, ক’ভিডৰ নীতি-নিয়মৰ মাজত জুবিন গাৰ্গৰ নাম কিয়?
কাৰণ এইবেলি বিহুত চৰকাৰে জাৰি কৰা বহুকেইটা নীতি-নিৰ্দেশনাৰ মাজৰ এটা নিৰ্দেশনা হ’ল- ‘এইবাৰ বিহুৰ অনুষ্ঠানসমূহ নিশা ১১ বজালৈকেহে অনুষ্ঠিত হ’ব।’
এই নিৰ্দেশনাটো পঢ়ি আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে ক’ভিডৰ নীতি-নিৰ্দেশনাৰ মাজত কিয় ওলাল কণ্ঠশিল্পী জুবিন গাৰ্গৰ নাম?
বছৰ বছৰ ধৰি বিহু অনুষ্ঠানসমূহৰ মঞ্চত বিহু প্ৰদৰ্শন কৰিবলৈ বিশেষ শিল্পী হিচাপে জুবিন গাৰ্গক আমন্ত্ৰণ জনোৱা হয়।
বিহু সমিতিয়ে লাখ লাখ টকা দি তেওঁক আমন্ত্ৰণ জনাই, কিন্তু কেতিয়াবা জুবিনক মঞ্চত সময়ত উঠা দেখা পাইছে নে?
দৰ্শকসকল বিহু চাবলৈ আহি নিশা দুপৰলৈ ৰৈ থাকে আৰু ভাবি থাকে কেতিয়া মঞ্চত জুবিন গাৰ্গ উঠিব, কেতিয়া বিহু গীত-গান পৰিৱেশন কৰিব।
সময় গৈ থাকে, দৰ্শক ৰৈ থাকে, কিন্তু জুবিন নাই…অহাই নাই।
হামিয়াই হেঁকটিয়াই কেৱল ৰৈ থাকে জুবিনৰ বাবে।
জুবিনৰ এই অভ্যাস নতুন নহয়, কিন্তু আজি উত্থাপন কৰিবলৈ বাধ্য হৈছো কাৰণ, চৰকাৰৰ ক’ভিড সজাগতাৰ বাবে দিয়া নীতি-নিয়মক লৈ।
নিৰ্দেশনা অনুসৰি বিহুৰ অনুষ্ঠান শেষ কৰিব লাগিব নিশা ১১ বজাত।
সেই অনুসৰি জুবিন কিয় প্ৰতিগৰাকী শিল্পীয়ে নিশা ১১ বজালৈহে বিহু পৰিৱেশন কৰিব পাৰিব।
অন্য শিল্পীৰ কথা বাদেই দিলো কিন্তু এইবাৰ জুবিন গাৰ্গে কি কৰিব?
মানিবনে চৰকাৰৰ SOP?
পালন কৰিবনে “নিশা ১১ বজালৈ” নিয়ম। নে, প্ৰতিবাৰৰ দৰে নিজ ইচ্ছা অনুসৰিয়েই মঞ্চলৈ আহিব আৰু যাব?
Photo: Headline8