বৃহস্পতিবাৰে কৃষ্ণমৃগ চিকাৰ প্ৰসংগ সন্দৰ্ভত যোধপুৰ জিলা আৰু সত্ৰ আদালতৰ পৰা বলীউড অভিনেতা চলমান খানে বৃহৎ ৰেহাই পায়।
চলমান খানৰ বিৰুদ্ধে মিছা সাক্ষী দাখিল কৰাক লৈ ৰাজ্য চৰকাৰৰ ৩৪০ৰ প্ৰাৰ্থনা পত্ৰ আদালতে খাৰিজ কৰি দিছিল।
ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চলমান খানৰ বিৰুদ্ধে জাৰি কৰা আৱেদন নিম্ন আদালতে খাৰিজ কৰি দিছিল।
চলমান খানৰ অধিবক্তা হস্তিমল শাৰশ্বটে ক’লে-
‘যোধপুৰ জিলা আৰু সত্ৰ আদালত এখন তথ্য জাননীত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দাখিল কৰা দুয়োখন আৱেদন খাৰিজ কৰি দিছে।
আমি ২০০৬ বৰ্ষত এই প্ৰশ্নৰ উত্তৰ দিছিলো যে ভুল এফিডেবিট দাখিল কৰা হোৱা নাছিল আৰু এনে আৱেদন চলমান খানৰ ইমেজ নষ্ট কৰিবলৈ লগোৱা হৈছে।’
কৃষ্ণমৃগ চিকাৰ ঘটনাটো হ’ল?
২০১৮ত এখন নিম্ন আদালতে ১৯৯৮ৰ অক্টোবৰত ছবি ‘হম সাথ সাথ হ্য়ে’ শ্বুটিঙৰ সময়ছোৱাত দুটা কৃষ্ণমৃগক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছিল আৰু তেওঁক ৫ বছৰৰ শাস্তিও বিহা হৈছিল।
অভিনেতাগৰাকীয়ে নিম্ন আদালতত সিদ্ধান্তক সত্ৰ আদালতত প্ৰত্যহ্বান জনাইছিল।
তেওঁৰ লগত কাংকানীত উপস্থিত থকা চলমান খানৰ সহ-অভিনেতা ছেঈফ আলী খান, তাব্বু, নীলম আৰু সোণালী বেন্দ্ৰেক ৰেহাই দিয়া হৈছিল।
Photo: Google