বলীউডৰ অভিনেতা ৰাজীৱ কাপুৰৰ মৃত্যু ।
মঙলবাৰে ৫৮ বছৰ বয়সত মৃত্যু হয় ৰাজীৱ কাপুৰৰ ।
প্ৰয়াত অভিনেতা ৰাজ কাপুৰ আৰু ৰণধীৰ কাপুৰৰ ভাতৃ ৰাজীৱ কাপুৰ ।
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পুনেৰ ইনলেকচ হাস্পতালত মৃত্যু হয় অভিনেতাগৰাকীৰ ।
‘RIP’ লিখি ৰাজীৱ কাপুৰৰ এখন ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰে নীতু কাপুৰে ।
১৯৮৩ চনত ‘এক জান হে হাম’ ছবিখনৰ জৰিয়তে বলীউড কেৰিয়াৰ আৰম্ভ কৰিছিল ৰাজীৱ কাপুৰে ।
বলীউডৰ এগৰাকী অভিনেতা, প্ৰযোজক আৰু পৰিচালক ৰূপে পৰিচিত ৰাজীৱ কাপুৰ।
‘ৰাম তেৰী গংগা মেলী’ ছবিখনৰ বাবে জনপ্ৰিয় আছিল অভিনেতাগৰাকী ।