আজি নলবাৰী ৰাসত উপস্থিত থাকিব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী, ড্ৰীম গাৰ্ল হেমা মালিনী। ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছেহি বলীউদৰ ড্ৰীম গাৰ্লগৰাকী। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিছন ব্লুলৈ আহে অভিনেত্ৰীগৰাকী। ৰেডিছন ব্লুত কিছু সময় জিৰণি লৈ তেওঁ যাব নলবাৰী ৰাসলৈ।
হেমা মালিনীক সংগ দিছে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই। নলবাৰীৰ ৰাস মহোৎসৱত অংশ ল’বলৈ অহা বলীউডৰ ড্ৰীম গাৰ্লক আদৰিবলৈ সাজু নলবাৰীৰ ৰাস পৰিচালনা সমিতি।
বিশাল ৰেলীৰে অভিনেত্ৰীগৰাকীক আদৰিবলৈ সাজু কৰা হৈছে বিশেষ পুষ্পসজ্জিত ভিণ্টেজ বাহন। গণেশ মন্দিৰ চ’কৰ পৰা হৰিমন্দিৰলৈ বাহনখনৰে আদৰি নিয়া হ’ব অভিনেত্ৰীগৰাকীক।
নিশা কলাক্ষেত্ৰৰ উদ্যোগত আয়োজিত ৰাসলীলাৰ শুভ উদ্বোধন কৰিব অভিনেত্ৰীগৰাকীয়ে। ড্ৰীম গাৰ্ল হেমামালিনীক ওচৰৰ পৰা এবাৰ চাবলৈ উৎসুকতা দেখা গৈছে নলবাৰীবাসীৰ মাজত।