কংকৰখেৰা থানা এলেকাত পৃথক-পৃথক সম্প্ৰদায়ৰ যুৱক-যুৱতীৰ বিবাহৰ পিছত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
মুছলমান যুৱক আৰু হিন্দু যুৱতীৰ বিবাহৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ইয়াৰ বিৰোধিতাত কেইবাটাও হিন্দু সংগঠন থানাত উপস্থিত হয় আৰু উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
তেওঁলোকে কোৱা অনুসৰি, মুছলমান যুৱকজনে নাবালিকা হিন্দু যুৱতীক ফুচুলাই আনি বিবাহপাশত আৱদ্ধ হৈছিল।
অভিযোগ উত্থাপনৰ পিছতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
মুছলমান যুৱক আৰু হিন্দু যুৱতীৰ বিবাহ
দুয়োয়ে অগ্নিসাক্ষী কৰি বিবাহপাশত আৱদ্ধ হয়।
মুছলমান যুৱকে হিন্দু যুৱতীৰ সৈতে হিন্দু ৰীতি-নীতিৰে বিয়াত বহে।
বিবাহ বিৰোধিতা কৰা হিন্দু সংগঠনে কোৱা অনুসৰি যুৱতীগৰাকী নাবালিক আৰু তাইক ফুচুলাই বিয়া কৰাইছিল।
আনফালে, বিয়াৰ পিছৰে পৰা যুৱতীগৰাকীৰ পৰিয়ালসহ বিয়া কৰোৱা যুটীও অন্তৰ্ধান।
আৰক্ষীয়ে কোৱা অনুসৰি এই ঘটনাটোৰ বিষয়ে কোনোধৰণৰ সৱিশেষ জানিব পৰা হোৱা নাই কিন্তু তদন্ত অব্যাহত।
Photo: Google