বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুদা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এখন চিনেমাৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি হয় ৰণদ্বীপ হুদা। বুধবাৰে অভিনেতাজনৰ আঠুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয়।
উল্লেখ্য যে, ৪৫ বছৰীয়া ৰণদ্বীপ হুদাৰ নতুনকৈ আহিবলগীয়া ছবি ‘ইন্সপেক্টৰ অবিনাশ’ৰ শ্বুটিঙৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অভিনেতাগৰাকী। এক মাৰ-পিটৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাত পোৱা অভিনেতাগৰাকীক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসকে তেওঁক আঁঠুৰ অস্ত্ৰোপ্ৰচাৰৰ পৰামৰ্শ দিয়ে।
উল্লেখযোগ্য যে ‘ইন্সপেক্টৰ অবিনাশ’ৰ শ্বুটিঙৰ সময়ত তেওঁ আঘাত পোৱা ভৰিখনতে ৰণদ্বীপে ‘ৰাধে’ নামৰ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়তো আঘাত পাইছিল।