• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পামহীৰ ৰাস মহোৎসৱত দয়াৰাম কাথাৰৰ দুখন গ্ৰন্থ উন্মোচন

নিউজ ডেস্ক by নিউজ ডেস্ক
November 9, 2022
in মনোৰঞ্জন, অসম, সংস্কৃতি
1 min read
0
পামহীৰ ৰাস মহোৎসৱত দয়াৰাম কাথাৰৰ দুখন গ্ৰন্থ উন্মোচন
Share on FacebookShare on Twitter

গুৱাহাটীৰ দক্ষিণ প্ৰান্তৰ গড়চুকৰ কাষৰীয়া পামহীৰ পদ্মৰাম ভৰালী খেলপথাৰত থকা শ্ৰীশ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত ৭ নৱেম্বৰৰ পৰা সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ২৩ সংখ্যক পামহী আঞ্চলিক ৰাস উৎসৱ। সাদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰাস উৎসৱত স্থাপন কৰা মৃণ্ময় মূৰ্তিসমূহ বিজুলীৰ আলোকেৰে সজাই পৰাই তোলা হৈছে। ৰাস উৎসৱত জনজাতীয় সমাজত দৈনন্দিন ব্যৱহাৰ হৈ অহা পৰম্পৰাগত সা-সামগ্ৰীসমূহ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। উৎসৱৰ ৭ নৱেম্বৰৰ প্ৰথম দিনটোত পুৱা শ্ৰীশ্ৰীবংশী গোপাল মন্দিৰৰপৰা ৰাসস্থলীলৈ আয়োজন কৰা শোভাযাত্ৰাত বৃহত্তৰ অঞ্চলটোৰ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে । ৰাস উৎসৱৰ দ্বাৰ মুকলি কৰে সমাজসেৱক উৎপল কুমাৰ দাসে। স্মৃতি তৰ্পণ কৰে দয়াৰাম কাথাৰ আৰু গোৱিন্দ বড়োৱে। বিয়লি ৰাস মণ্ডপ উদ্বোধন কৰে সমাজসেৱক বলেশ্বৰ ৰংপিয়ে। ৰাস মণ্ডপ উদ্বোধনৰ পাছতে গীতা পাঠ আৰু আয়তীসকলৰ নাম-প্ৰসংগ আৰম্ভ হয়।

আনহাতে ৮ নৱেম্বৰৰ সন্ধিয়া ৰাস মহোৎসৱস্থলীত দয়াৰাম কাথাৰৰ প্ৰণীত দুখন গ্ৰন্থ ক্ৰমে শ্ৰী মদ্ভাগবতৰ নিৰ্বাচিত উপাখ্যান আৰু কাৰ্বি লামথে আজিব আক্ষন্দা ( কাৰ্বি শব্দৰ অৰ্থৰ ভঁৰাল ) উন্মোচন কৰা হয়। গ্ৰন্থ দুখন উন্মোচন কৰে চকৰদৌ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুগ্ৰীৱ ৱে আৰু বৃহত্তৰ গুৱাহাটী কাৰ্বি মহিলা সমাজৰ কাৰ্যকৰী সভানেত্ৰী ববিতা ৰাণী টেৰনপীয়ে। এই উপলক্ষে সমাজকর্মী গোবিন্দ চন্দ্ৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৃহত্তৰ গুৱাহাটী কাৰ্বি মহিলা সমাজৰ সভানেত্ৰী সৰলা কাথাৰ বৰদলৈ, পামহী ৰাস মহোৎসৱ উদযাপন সমিতিৰ উপ সভাপতি বলেশ্বৰ ৰংপী, পাৰবিন বড়ো , ইৰাণী চিৰিং কাথাৰ, চুইতি বড়োকে ধৰি কেবাজনো বিশিষ্ট লোক, ৰাস মহোৎসৱ উদযাপন সমিতিৰ কেবাগৰাকী কৰ্মকর্তা উপস্থিত থাকে।

আনহাতে উদযাপন সমিতিৰ সভাপতি দীপক বড়ো ( কুলি ) সম্পাদকদ্বয় জয়ন্ত টুমুং আৰু পুনাল বড়োৱে জনোৱা মতে, অহা ১৩ নৱেম্বৰলৈকে চলিবলগীয়া ৰাস উৎসৱৰ মহোৎসৱৰ আটাইকেইদিনতে নিতৌ পুৱা পূজা পাঠৰ পাছত গীতা পাঠ আৰু নামতীৰ নাম-প্ৰসংগৰ দিহা কৰা হৈছে। উৎসৱৰ বিভিন্ন কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে গুৱাহাটীৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰী, যান-বাহন শাখাৰ দায়িত্বপ্রাপ্ত বিষয়া মুকুট বৈশ্য, আজাৰা গাঁও পঞ্চায়তৰ সভানেত্রী কবিতা বড়ো ৰংপীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকিব।

Previous Post

ডিফুত ডেংগুত এই পৰ্যন্ত ৪৮৫ গৰাকী আক্ৰান্ত!

Next Post

গুৱাহাটীলৈ আগমন ড০ চন্দ্ৰ ভানু সৎপথীৰ

Related Posts

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
Next Post
গুৱাহাটীলৈ আগমন ড০ চন্দ্ৰ ভানু সৎপথীৰ

গুৱাহাটীলৈ আগমন ড০ চন্দ্ৰ ভানু সৎপথীৰ

অসম মহিলা অভিযন্তা সন্থাৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসম মহিলা অভিযন্তা সন্থাৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

পুনৰ ইংলিছ চেনেল সাতোঁৰিব এলভিছ আলী হাজৰিকাই

পুনৰ ইংলিছ চেনেল সাতোঁৰিব এলভিছ আলী হাজৰিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8