‘কাশ্মীৰ ফাইলছ’ ছবিখনৰ সফলতাৰ পাছতে ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে অলপতে আন এক পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। তেওঁৰ পৰৱৰ্তী ছবিখন নিৰ্মাণ কৰিব দিল্লীক লৈ, নাম হ’ব দিল্লী ফাইলছ। ইয়াত দিল্লীৰ কাহিনী নাথাকে, থাকিব কিদৰে বছৰ বছৰ ধৰি দিল্লীয়ে ধ্বংস কৰি আহিছে ভাৰতখনক তাৰে কথা। চেন্নাইত এই কথা ঘোষণা কৰিছে পৰিচালকজনে। তেওঁ লগতে জনাইছে যে দিল্লী ফাইলছে খুলিব তামিলনাডুৰ বহু অকথিত কথাও।
অগ্নিহোত্ৰীয়ে লগতে কয় যে, ইতিহাস সদায় সত্য আৰু তথ্যৰ ওপৰত ভিত্তি কৰি হ’ব লাগে, কিন্তু আমাৰ ইয়াত ইতিহাস বৰ্ণনাভিত্তিকহে। উল্লেখনীয় যে ১৯৯০ চনত কাশ্মিৰী পণ্ডিতসকলৰ ওপৰত সংঘটিত ঘটনাক লৈ বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা শেহতীয়া ছবিখনে দেশজুৰি চৰ্চা লাভ কৰিছিল। আনকি দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিত্তমন্ত্ৰীয়েও ছবিখন চাবলৈ মানুহক অনুৰোধ কৰিছিল। অসমতো উক্ত ছবিখন চাবৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক অৰ্ধ ছুটী দিয়াৰ কথা ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।