নিউজ ডেক্সঃ অনুৰাগীৰ মৰমত অভিভূত অভিনেত্ৰী দীপিকা পাডুকন ৷
নাৰ্ক’টিক্স কন্ট্ৰল ব্যুৰৰ শেহতীয়া প্ৰতিবেদনৰ পাছতে আজি উলহ-মালহেৰে ৩৫ বছৰীয়া জন্মদিন উদযাপন কৰিছে মোহময়ী অভিনেত্ৰী গৰাকীয়ে ৷
আজি ৩৫ বছৰীয়া জন্মদিনত স্বামী ৰণবীৰ সিং আৰু সহ অভিনেতা- অভিনেত্ৰীৰ উপস্থিতিত পালন কৰিলে নিজৰ বিশেষ দিনটো৷
ড্ৰাগছ কেলেংকাৰীত জড়িত থকাৰ অপৰাধত নাৰ্ক’টিক্স কন্ট্ৰল ব্যুৰ(NCB) ই দোষী সাব্যস্ত কৰিছিল দিপিকাক৷
অৱশেষত দোষমুক্ত হল দীপিকা৷
কিন্তু ব্যতিক্ৰম ন’হল দীপিকাৰ জন্মদিন, অনুৰাগীসকলে শুভেচ্ছাবাণীৰে উপচাই পেলালে দীপিকাৰ ছচিয়েল মিডিয়া একাউণ্ট ৷
শ্বাহৰুক খানৰ ওম শান্তি ওম ছবিখনৰ জৰিয়তে ২০০৮ চনত ৰূপালী পৰ্দাত ভুমুকি মাৰিছিল দীপিকাই৷
তাৰ পাছত ইখনৰ পাছত সিখন ব্লকবাষ্টাৰ ফিল্ম উপহাৰ দি আহিছে প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰীগৰাকীয়ে৷