অহা ৭ অক্টোবৰত অসমৰ আটাইবোৰ ছবিগৃহতে জুবিন গাৰ্গৰ সষ্টম প্ৰচেষ্টাত পুনৰ মুক্তি পাবলৈ গৈ আছে আলফ্ৰেডৰ দ্বাৰা পৰিচালিত অসমীয়া বোলছবি – “একলব্য”। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহতে বোলছবিখনে মুক্তি লাভ কৰিছিল যদিও ক’ভিডৰ দ্বিতীয় ঢৌৰ ফলস্বৰূপে অসমৰ প্ৰায়ভাগ ছবিগৃহ বন্ধ কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল। যাৰ পৰিণতিত অধিকাংশ দর্শকেই ছবিখন উপভোগ কৰাৰ পৰা বঞ্চিত হয়। সেয়ে জুবিন গাৰ্গে ছবিখন পুনৰ এবাৰ অসমৰ আটাইবোৰ ছবিগৃহতে মুক্তি দিবলৈ গৈ আছে।
“একলব্য” ছবিখনৰ লগত সংগতি ৰাখি জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত এক মহৎ পদক্ষেপ লোৱা হৈছে আৰু সেয়া হৈছে, ছবিখনৰ পৰা হ’বলগীয়া উপাৰ্জনৰ ১০% ধনৰাশি ব্যৱহাৰ কৰা হ’ব সমাজৰ অসহায় শিশুসকলৰ কল্যাণৰ অর্থে। অসহায় শিশুসকলৰ কল্যাণৰ বাবে অহৰহ কাম কৰি অহা মাননীয় মিগুৱেল দাস, অৰ্চনা বৰঠাকুৰকে আদি কৰি সমাজৰ ভিন্ন স্তৰৰ ব্যক্তি তথা দল-সংগঠনে এই পদক্ষেপক ভূয়সী প্রশংসা কৰিছে।
যুৱ প্রজন্মৰ জনপ্রিয় অভিনেতা কমল লোচন, ৰূপচন্দা শর্মা, হিমাংশু গগৈ, অৰুণ নাথ, চিন্ময় কটকী আদিৰ দৰে ন-পুৰণি শিল্পীৰ সমাহাৰেৰে উক্ত ছবিখনত ৰাইজে মনোৰঞ্জনৰ এক ন- সোৱাদ পাব বুলি আশা কৰিব পাৰি।