কণ্ঠশিল্পী কেকে-ৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে তেওঁৰ কন্যাই আবেগিক বাৰ্তা এটি শ্বেয়াৰ কৰিছে। উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া কলকাতাত অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাত অসুস্থ হৈ পৰা কণ্ঠশিল্পীগৰাকীক হাস্পাতাললৈ নিয়াৰ সময়তে মৃত্যু হয়। ইনষ্টাগ্ৰাম ষ্ট’ৰীত কেকেৰ কন্যা তামাৰাই গায়কগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বিষয়ে সবিশেষ পোষ্ট কৰিছে। তাই “লাভ ইউ ফৰ এভাৰ ডেড” লিখিছে আৰু এটা হাৰ্ট ইমোটিকন যোগ কৰিছে।
৫৩ বছৰ বয়সত মৃত্যু হোৱা কেকে-এ পত্নী জ্যোতি কৃষ্ণ আৰু সন্তান নকুল আৰু তামাৰাক এৰি থৈ যায়। সূত্ৰ অনুসৰি গায়কজনৰ প্ৰাৰম্ভিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁৰ হৃদযন্ত্ৰৰ অসুস্থতাৰ বাবেই তেওঁৰ হঠাৎ মৃত্যু হৈছিল। প্ৰয়াত শিল্পীগৰাকীৰ পত্নীয়ে কলকাতালৈ অহাৰ পূৰ্বে তেওঁৰ হাত আৰু কান্ধত বিষ হোৱা বুলি আৰক্ষীক জনাইছিল। গেষ্ট্ৰিকৰ সমস্যাও আছিল কণ্ঠশিল্পীগৰাকীৰ। মাজে মাজে এন্টাচিড সেৱন কৰিছিল বুলি সূত্ৰত প্ৰকাশ পাইছে। বৃহস্পতিবাৰে পুৱাৰে পৰা শিল্পীগৰাকীৰ ঘৰলৈ তেওঁক অন্তিম দৰ্শনৰ বাবে মানুহৰ ভিৰ লাগে।