বলীউড অভিনেত্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে পশ্চিমবংগৰ উল্টাডাংগাত গোচৰ ৰুজু কৰা হৈছে।
কংগনাৰ বিৰুদ্ধে পশ্চিমবংগত হিংসাক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
TMCৰ নেতা ঋজু দত্তই দাখিল কৰা গোচৰত লিখা হৈছে যে, কংগনা ৰানাৱটে পশ্চিমবংগত হেট প্ৰপেগেণ্ডা চলোৱা অৰ্থাৎ হিংসাৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা চলাইছে।
হিংসাত্মক কাৰ্যক প্ৰৰোচিত কৰাৰ অভিযোগ
ঋজুৰ দ্বাৰা আৰক্ষীক দাখিল কৰা গোচৰত তেওঁৰ চৰকাৰী ইনষ্টাগ্ৰাম একাউণ্ট লিংক প্ৰদান কৰি লিখে যে, কংগনা ৰানাৱটে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টেৰে বহু আপত্তিকৰ পোষ্ট কৰিছে।
তেওঁ অভিযোগ উত্থাপন কৰে যে, কংগনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ছবি নষ্ট কৰাৰ চেষ্টা চলাইছে।
টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল
উল্লেখ্য কংগনা ৰানাৱটৰ টুইটাৰ একাউণ্ট দুদিন পূৰ্বে এই সন্দৰ্ভতে বন্ধ কৰি দিয়া হৈছিল।
এটাৰ পিছত আনটো প্ৰৰোচিত টুইট কৰি আছিল, যাৰ বাবে তেওঁৰ একাউণ্টটো চিৰদিনৰ বাবে বন্ধ কৰি দিছিল।
Photo: Google