অলপতে অসমৰ ছবিগৃহত মুক্তি পোৱা ‘লোকেল উৎপাত’ চলচ্চিত্ৰখনৰ প্ৰতি অসমৰ দৰ্শকৰ সঁহাৰি যথেষ্ট সন্তোষজনক। ই অসমৰ চিনেমা নিৰ্মাতা তথা কথাছবিৰ লগত জড়িত লোকসকলৰ বাবে অতি সু-খবৰ। প্ৰকৃততে ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমীসকলে বা দৰ্শক সকলে যেন ‘লোকেল উৎপাত’ চাবলৈ একপ্ৰকাৰ উৎপাতেই কৰিছিল আৰু সেয়েহে ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে ছবিখনৰ বক্স অফিচ কালেকচনত।
উল্লেখ্য যে, প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ ছবিখন পৰিচালনা কৰিছে কেনি দেউৰী বসুমতাৰীয়ে। তেওঁ পূৰ্বেও ”লোকেল কুংফু” চলচ্চিত্ৰৰ জৰিয়তে দৰ্শকৰ মন জয় কৰি থৈছিল। ১৩ মে’ত অসমৰ ৩৫টা ছবি গৃহত মুক্তি পোৱা চলচ্চিত্ৰখনৰ বক্স অফিচ কালেকচনে প্ৰায় ১ কোটিৰ ঘৰ স্পৰ্শ কৰে। ছবিখনত অভিনয় কৰা কলা–কুশলীৰ লগতে পৰিচালকে এইক্ষেত্ৰত ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
উল্লেখ্য, বক্স অফিচত সফলতা লাভ কৰাৰ পিছত এতিয়া লোকেল উৎপাত চলচ্চিত্ৰখন অসমৰ ভিতৰুৱা অঞ্চলৰ লগতে অসমৰ বাহিৰতো মুক্তি দিয়াৰ কথা ভবা হৈছে। দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰুত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে৷