নিউজ ডেস্কঃ অৱশেষত ২৩ জানুৱাৰীত অসমৰ ছবিগৃহত শুভমুক্তি হ’ব হিমাংশু প্ৰসাদ দাসৰ বহুচৰ্চিত ছবি ‘গৰু’।
এদিন পূৰ্বে ২২ জানুৱাৰীত গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুকলি কৰা হ’ব ছবিখন ।
ছবিখন ৰাইজৰ দ্বাৰা ৰাইজৰ মাজলৈ নিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিচালক হিমাংশু প্ৰসাদ দাসে ।
২৩ জানুৱাৰীত অসমৰ বিভিন্ন প্ৰেক্ষাগৃহ,নাট্যমন্দিৰ,সভাঘৰ আৰু অস্থায়ী প্ৰেক্ষাগৃহ সাজি একেলগে ৩২৫ টা স্থানত মুক্তি দিব ছবিখন ।
প্ৰথম দিনাৰ পৰিকল্পনা ৩ লাখ ৫০ হাজাৰ দৰ্শকৰ উপস্থিতিত এহাজাৰ দৰ্শনীৰে ছবিখন মুকলি কৰা ।
বিগত বৰ্ষতেই ছবিখন মুক্তি দিয়াৰ কথা আছিল যদিও কা আন্দোলন,ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিৰ বাবেই মুক্তি দিয়া নহ’ল ছবিখন ।
ছাহজাহানৰ উপন্যাস ‘গৰু’ ৰ আধাৰত পৰিকল্পনা কৰা হৈছে এই পূৰ্ণাংগ ছবিখনৰ চিত্ৰনাট্য ।
প্ৰজেক্টৰৰ জৰিয়তে ছবিখন উপভোগ কৰিব পাৰিব ৰাইজে ।
ছবিখনত অভিনয় কৰিছে – বাহাৰুল ইছলাম,পাকিজা বেগম, প্ৰাঞ্জল শইকীয়া আদি বহু অভিজ্ঞ শিল্পীয়ে ।
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱ-প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা কমল লোচন আৰু লনিশ্ৰী দাসে ।