ক’ৰোনা মহামাৰীৰ বাবে প্ৰায় ১১ মাহ ধৰি বন্ধ হৈ থকা স্কুল-কলেজ এতিয়া খুলিবলৈ আৰম্ভ কৰিছে।
ইয়াৰ মাজতে গুজৰাটৰ এখন বিশ্ববিদ্যালয়ৰ চাৰ্কুলাৰ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে।
এই চাৰ্কুলাৰত কোৱা হৈছে যে যিসকল যুৱতীৰ এজন হ’লেও বয়ফ্ৰেণ্ড থাকে, তেওঁলোকেহে কলেজত প্ৰৱেশ কৰিব পাৰিব।
ঘটনাটোৰ বিষয়ে জানিবল পোৱাৰ পিছত বিশ্ববিদ্যালয়ত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয় আৰু ঘটনাটোৰ বিষয়ে আৰক্ষীক জানিবলৈ দিয়ে।
চাৰ্কুলাৰক লিখা হৈছিল এই কথাটো
জানিবলৈ দিয়া অনুসৰি, এই চাৰ্কুলাৰ বডোদৰাৰ মহাৰাজা ছয়াজীৰাব বিশ্ববিদ্যালয়ৰ নামেৰে ভাইৰেল কৰা হৈছে।
এই চাৰ্কুলাৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলক ভেলেণ্টাইন উইকত এজন প্ৰেমিক বনোৱাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে।
এই চাৰ্কুলাৰত কোৱা হৈছে যে,
কোনো যুৱতীক বয়ফ্ৰেণ্ড নোহাৱাকৈ কলেজত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব।
চাৰ্কুলাৰত ৰখা হৈছিল এইকেইটা চৰ্ত
এই চাৰ্কুলাৰৰ শীৰ্ষক হ’ল মহাৰাজা ছয়াজীৰাও বিশ্ববিদ্যালয়ত অধ্যয়নৰত যুৱতীসকলৰ বাবে পৰিপত্ৰ।
তাত লিখা আছে যে যিসকল যুৱতীয়ে কলেজলৈ আহিব বিচাৰে, ৭ ফেব্ৰুৱাৰীলৈ এজন হ’লেও প্ৰেমিক থকাটো প্ৰয়োজন।
ইয়াৰ উদ্দেশ্য তেওঁলোকৰ সুৰক্ষা বুলি কোৱা হৈছে।
চাৰ্কুলাৰত লিখা আছে যে অকলশৰীয়া যুৱতীক কলেজ পৰিসৰৰ ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব।
শ্ৰেণীত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰমাণ দিব লাগিব যে তাইৰ প্ৰেমিক আছে।
આ ફેક ન્યુઝ છે,MSU દ્વારા આવો કોઈ જ સર્ક્યુલર બહાર પડાયો નથી.
વડોદરા શહેર પોલીસે આ બાબતની ગંભીરતાપૂર્વક નોંધ લીધી છે અને અમારાં સાયબર પોલીસ સ્ટેશને તપાસ હાથ ધરેલ છે.#SayNotoFakeNews#VadodaraCityPolice pic.twitter.com/gRJkihTNlu
— Vadodara City Police (@Vadcitypolice) February 7, 2021
বিশ্ববিদ্যালয়ত হুলস্থুল
উল্লেখ্য, এই চাৰ্কুলাৰ ভাইৰেল হোৱাৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসন জাগ্ৰত হৈ উঠে।
ইফালে, এই সন্দৰ্ভত বডোদৰা আৰক্ষীয়ে এটা টুইট কৰে।
টুইটটোত লিখিলে যে এই চাৰ্কুলাৰ ভুৱা হয়, যিখন বিশ্ববিদ্যালয়খনে জাৰি কৰা নায়।
Photo: Google