দক্ষিণৰ মোহময়ী অভিনেত্ৰী নৱপ্ৰজন্মৰ ক্ৰাছ ৰশ্মিকা মান্দানাৰ আজি জন্মদিন। কৰ্ণাটকৰ ক’ডাগু জিলাৰ বিৰাজপেট নামৰ এখন চহৰত ১৯৯৬ চনৰ ৫এপ্ৰিলত জন্ম হৈছিল ৰশ্মিকা মান্দানাৰ ।
ইংৰাজী, মনোবিজ্ঞান আৰু সাংবাদিকতা তিনিটাকৈ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল অভিনেত্ৰী গৰাকীয়ে ।
তেলেগু আৰু কানাড়া ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা । শেহতীয়াকৈ অভিনেতা আলু অৰ্জুনৰ সৈতে কৰা পুস্পা ছবিখনতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে অভিনেত্ৰী গৰাকীয়ে ।
২০১৬ চনত কিৰিক পাৰ্টী কানাড়া ছবিখনেৰে ৰশ্মিকাই নিজৰ অভিনয় জীৱনৰ অভিষেক ঘটায় । যিখন 2016 বৰ্ষৰ সৰ্বাধিক উপাৰ্জন কৰা চলচ্চিত্ৰ হিচাপে বিবেচিত হয় । তেওঁ এই চৰিত্ৰটোৰ বাবে শ্ৰেষ্ঠ নবাগতা অভিনেত্ৰীৰ SIIMA বঁটা লাভ কৰিছিল।
ইপিনে ২০১৮ চনত বিজয় দেৱেৰাকোণ্ডাৰ বিপৰীতে গীথা গোবিন্দামত কৰা চৰিত্ৰটোৰে ৰশ্মিকাই বিপুল জনপ্ৰিয়তা লাভ কৰিছিল ।
২০২০ চনত ৰশ্মিকাই বিখ্যাত তেলেগু ষ্টাৰ মহেশ বাবুৰ সৈতে Sarileru Neekevvaru ছবিখনত অভিনয় কৰে যিখন সৰ্বাধিক উপাৰ্জন কৰা তেলেগু ছবিৰ ভিতৰত অন্যতম এখন ছবি। এই মোহময়ী অভিনেত্ৰী গৰাকীলৈ জন্মদিনৰ বহুতো শুভেচ্ছা ।