‘দো লাৰে দোলা মন দোলা’, ৰং দিয়া মৰম ভাল পোৱা সজাম ৰামধেনু ।’
গীতৰ শাৰীকেইটা দেখিয়ে হয়তো বুজি পাইছে ? হয় ঠিকেই ধৰিছে এয়া শ্ৰেয়া ঘোষালে গোৱা দুটি জনপ্ৰিয় গীতৰ কলি ।
কিন্তু কিয় এই গীত দুটি লিখা হ’ল জানেনে ?বলীউডৰ পৰা টলীউডলৈ সুৰৰ যাদু কৰা শ্ৰেয়া ঘোষালৰ আজি জন্মদিন।
৩৮ বছৰত ভৰি দিলে মৌ সনা কণ্ঠৰ অধিকাৰী শ্ৰেয়া ঘোষালে । এই যাদুকৰী কণ্ঠৰ অধিকাৰী শ্ৰেয়াই প্ৰথমে লতা মংগেছকাৰৰ এটা মাৰাঠী গীত ‘গনৰাজ ৰাংগী নচ্ছাটো’ গীতটো কভাৰ গাইছিল। তাৰ পাছতেই আৰম্ভ হৈছিল এটাৰ পাছত আনটো হিট ছং । শ্ৰেয়াৰ গান থকা প্ৰতিখন চিনেমাই যথেষ্ট সফল হোৱা দেখা যায়। সঞ্জয় লীলা ভাঞ্চালীৰ ‘গঙ্গুবাই কাঠিয়াৱাড়ী’লৈকে শ্ৰেয়াৰ গান আজিও চুপাৰহিট।
৪ বছৰ বয়সতেই সংগীত শিকিবলৈ আৰম্ভ কৰিছিল শ্ৰেয়াই। যি সময়ত শিশুৱে সঠিকভাৱে কথা ক’বলৈ শিকিব নোৱাৰে শ্ৰেয়াই এটাৰ পিছত এটা কঠিন গান গাইছিল। সৰু শ্ৰেয়াক প্ৰথমবাৰৰ বাবে দূৰদৰ্শনৰ ৰিয়েলিটি শ্ব’ত দেখা গৈছিল। সেই সময়ত লতা মংগেশকাৰৰ পৰা চনু নিগমলৈকে বলীউডৰ বিখ্যাত গায়কসকলে শ্ৰেয়াৰ মাত শুনি আচৰিত হৈছিল। ‘দেৱদাস’ বোলছবি গোৱা গানৰ জৰিয়তে প্ৰথম বলীউডত পদাৰ্পণ কৰিছিল শ্ৰেয়া ঘোষালে ।
শ্ৰেয়াৰ বাবে এটা টাৰ্নিং পইণ্ট আছিল সঞ্জয় লীলা ভাঞ্চালীৰ মাতৃয়ে ৰিয়েলিটী শ্ব’ত শ্ৰেয়াৰ গান শুনাটো। তেওঁ সঞ্জয় লীলা ভাঞ্চালীক শ্ৰেয়াৰ বিষয়ে কৈছিল। আৰু তাৰ ঠিক পিছতে শ্ৰেয়াই তেওঁৰ জীৱনৰ প্ৰথমখন ছবিত দিয়া কণ্ঠৰে সকলোৰে মন মুহিছিল।
বলিউডয়েই নহয় টলিউডতো তেওঁ সৰ্বশ্ৰেষ্ঠ গান গাইছে। শ্ৰেয়াৰ জন্ম ১৯৮৪ চনৰ ১২ মাৰ্চত পশ্চিম বংগৰ মুৰ্শিদাবাদত হৈছিল। কিন্তু তেওঁ ৰাজস্থানৰ কোটাৰ ওচৰৰ এখন ঠাইত ডাঙৰ দীঘল হৈছিল। তাতেই সংগীত শিক্ষা আৰম্ভ কৰিছিল। শ্ৰেয়াৰ মাক দেউতাকে আৰম্ভণিৰে পৰা তেওঁক গানৰ জগতত থিয় কৰায়। আজি ৩৮ বছৰীয়া হ’ল সকলোৰে মৰমৰ শ্ৰেয়া ।