কংগনা ৰানাৱট প্ৰায়েই বিতৰ্কত থাকে। বিশেষকৈ সামাজিক মাধ্য়মত দিয়া কিছুমান বক্তব্যই অভিনেত্ৰীগৰাকীক চৰ্চাত ৰাখে। কংগনা বলীউদৰ এনে এগৰাকী অভিনেত্ৰী, যিয়ে দেশত চলি থকা প্ৰতিটো ডাঙৰ-সৰু বিষয়ত নিজৰ মন্তব্য ৰখাৰ বাবে পৰিচিত। বৰ্তমান দেশত ‘হিজাব বিতৰ্ক’ই তোলপাৰ লগাইছে। কৰ্ণাটকৰ উডুপীৰ পৰা আৰম্ভ হোৱা বিবাদ বৰ্তমান সমগ্ৰ দেশতে চলি আছে। এই বিষয়ত বহু বলীউদৰ তাৰকায়ো নিজৰ নিজৰ মন্তব্য ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে। শেহতীয়াকৈ কংগনা ৰানাৱটেও ‘হিজাব বিতৰ্ক’ক লৈ মুখ খুলিছে।
প্ৰকৃততে, কংগনাই নিজৰ ইনষ্টা ষ্টৰীত লেখক আনন্দ ৰংগনাথনৰ পোষ্টৰ প্ৰিণ্টশ্বট শ্বেয়াৰ কৰিছে, য’ত ইৰাণৰ দুখন ফটো দেখা গৈছে। ইয়াত এখন ফটো ১৯৭৩ৰ আৰু আনখন বৰ্তমানৰ। আনন্দ ৰংগনাথনে এই পোষ্টত দেখুওৱাইছে যে ১৯৭৩ চনতে মহিলাই বিকিনি পিন্ধিছিল আৰু এতিয়াৰ ফটোত বোৰ্খা। এই পোষ্টৰ প্ৰিণ্টশ্বট কংগনাই নিজৰ ইনষ্টা ষ্টৰীত শ্বেয়াৰ কৰিছে।
আনন্দ ৰংগনাথনৰ এই পোষ্ট শ্বেয়াৰ কৰি কংগনাই লিখিছে, ‘যদি সাহস দেখুওৱাৰ মন তেন্তে আফগানিস্তানত বোৰ্খা নিপিন্ধাকৈ দেখুৱাওক… নিজকে পিঞ্জৰাৰ পৰা মুক্ত কৰিবলৈ শিকক।’ কংগনাৰ এই পোষ্ট এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। উল্লেখযোগ্য যে হিজাব বিতৰ্ক কৰ্ণাটকৰ উডুপীৰ এখন কলেজৰ ৬ ছাত্ৰীয়ে হিজাব পিন্ধি অহাত বাধা দিয়াৰ পৰা আৰম্ভ হৈছিল।